ভীমবৰ দেউৰী প্ৰাসংগিকতা

বৰ্তমানৰ সময় বৃহত্তৰ অসমীয়া জাতীয় জীৱন তথা অসমবাসীৰ বাবে ভীষণ সংকটেৰে ভৰা কাল। আধুনিক যুগৰ অসমৰ সমাজ জীৱনৰ সকলোতকৈ মাৰাত্মক সমস্যাটো হ’ল- জনগাঁথনৰ ভাৰসাম্যত ভীষণ খেলিমেলিয়ে দেখা দিয়াটো। সমস্যাটো আজি হঠাতে দেখা দিয়া নহয়। তাৰ দীঘলীয়া ইতিহাস আছে। অসমৰ বাহিৰৰ পৰা আধুনিক যুগত হোৱা বিশাল তথা অবিৰত প্ৰব্ৰজনে ৰাজ্যখনৰ থলুৱা জাতি-জনগোষ্ঠীৰ অস্তিত্বলৈ ভীষণ ভাবুকি নমাই আনিছে। জনগাঁথনিক তচনচ কৰিছে।
প্ৰাচীন কালৰে পৰা চলি অহা প্ৰব্ৰজনৰ মাধ্যমেৰেই অসম সমাজ জীৱনৰ সৃষ্টি হৈছিল যদিও, প্ৰাচীন আৰু মধ্যযুগত হোৱা প্ৰব্ৰজন আৰু আধুনিক যুগত হোৱা প্ৰব্ৰজনৰ গতি-গোত্ৰ একে নাছিল। প্ৰাচীন আৰু মধ্যযুগত হোৱা প্ৰব্ৰজন অবিৰতও নাছিল আৰু বিশালো নাছিল। অনেক বছৰৰ মূৰে মূৰেহে একোটাহঁত জনসমষ্টি স্থায়ী বসতি স্থাপনৰ বাবে বাহিৰৰ পৰা পিচলৈ ‘অসম’ নাম পোৱা ভূমিখণ্ডলৈ আহিছিল। তেনেকৈ অহা একোটা জনসমষ্টিত অতি বৃহতো নাছিল। সেই যুগত এই ভূখণ্ডত জনবসতি যিহেতু আছিল তেনেই সেৰেঙা, সেয়ে অঞ্চলটোৰ বেছিভাগ মাটি জনশূন্য হৈ পৰি আছিল।
সেয়ে নতুনকৈ প্ৰব্ৰজন কৰা ক্ষুদ্ৰ জনসমষ্টিবোৰে অঞ্চলটোৰ জনগাঁথনিৰ প্ৰতিষ্ঠিত ভাৰসাম্যত কোনো খেলিমেলিৰ সৃষ্ট নকৰাকৈয়ে সহজেই বসতি স্থাপন কৰিব পাৰিছিল আৰু কিছুদিনৰ ভিতৰতেই থলুৱা হৈ পৰিছিল। কিন্তু অসম ইংৰাজ সাম্ৰাজ্যবাদৰ অধীনলৈ যোৱাৰ পিচত পৰিস্থিতি সম্পূৰ্ণ সলনি হৈ গ’ল। এক নতুন তথা অভাৱনীয় ৰূপৰ প্ৰব্ৰজনে অসমত দেখা দিলে। তাৰ মূলতেই াছিল সাম্ৰাজ্যবাদৰ স্বাৰ্থ পূৰণৰ বাবে ইংৰাজ চৰকাৰে হাতত লোৱা, ৰাজ্যৰ বাহিৰৰ পৰা লোক অনাৰ নীতি। তাৰ আৰম্ভণি হৈছিল চাহ উদ্যোগ প্ৰতিষ্ঠাৰ লগে লগে। বিশাল সংখ্যক চাহ শ্ৰমিকক বাগানৰ মালিকবোৰে বাহিৰৰ পৰা আনোৱাইছিল।
অৱশ্যে এই প্ৰব্ৰজন এটা আবেষ্টনীৰ মাজত থকা কৃষি উদ্যোগভিত্তিক হোৱাত ই জনগাঁথনিৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱাৰ সলনি মাটিৰ ওপৰতহে বিশেষ হেঁচাৰ সৃষ্টি কৰিছিল। তাৰ ফলত অসমৰ জনজাতীয় জনগোষ্ঠীবোৰ অধিক ক্ষতিগ্ৰস্ত হৈছিল। কাৰণ চাহ বাগিচাৰ বাবে উপযোগী ওখ মাটি জনজাতীয় পদ্ধতিৰে কৰা বাম খেতিৰ বাবেও উপযোগী। চাহ বাগিচাই তেনে অনেক মাটি দখল কৰাত স্থানীয় কৃষকৰ বাবে কৃষিৰ সম্প্ৰসাৰণত অসুবিধাই দেখা দিবলৈ আৰম্ভ কৰিছিল। তাতোকৈও ভয়ানক এনে সমস্যাই দেখা দিলে খাজনা বৃদ্ধিৰ বাবে অসমৰ থালী হৈ থকা পানীখেতি উপযোগী মাটিত পূৰ্ববংগৰ কৃষকক আহি সংস্থাপিত হ’বলৈ ইংৰাজ চৰকাৰে বিশেষভাৱে উৎসাহিত কৰাৰ ফলত ।
ইয়েই আছিল বৰ্তমানৰ অসমৰ সমাজ জীৱনৰ সবাতোকৈ মাৰাত্মক বিদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সমস্যাৰ আৰম্ভণি। অৱশ্যে দেশ স্বাধীন হোৱাৰ আগতে ই ‘বিদেশীৰ প্ৰব্ৰজন’ ভিত্তিক সমস্যা নাছিল। আন্তঃপ্ৰাদেশিক প্ৰব্ৰজনে সৃষ্টি ৰা সমস্যাহে আছিল। কিন্তু অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ বাবে এই সমস্যাই দুয়োটা কালতে এনে কুফলৰ সৃষ্টি কৰিছিল। এই প্ৰব্ৰজনে অসমৰ খেতি-মাটিৰ ওপৰত ভীষণ হেঁচাৰ সৃষ্টি কৰিছিল। এই ক্ষেত্ৰতো প্ৰধান হেঁচাটো আহিছিল অসম জনজাতীয় লোকসকলৰ বসতিপ্ৰধান অঞ্চলবোৰত। কাৰণ সেই অঞ্চলবোৰত স্থায়ী পট্টাৰ ব্যৱস্থা জনজাতীয়সকলৰ অসচেতনতাৰ বাবে বৰ দুৰ্বল আছিল। সেয়ে তেনে অঞ্চলত বাহিৰৰ ৰা আহি মাটি দখল কৰাৰ সুবিধাও আছিল অধিক। সেইবাবেই এনে প্ৰব্ৰজনৰ বিৰুদ্ধে অসমৰ জনজাতিসকলেই সবাতোকৈ অধিক বিক্ষুব্ধ হৈ পৰিছিল। কিন্তু বিক্ষুব্ধ হ’লেও আধুনিক নিজৰ ক্ষোভৰ বিষয়ে চৰকাৰক জনাবলৈ উপযুক্ত নেতা নাছিল।
তেওঁলোকৰ এই অভাৱ পূৰণ হৈছিল কুৰি শতিকাৰ বিশৰ দশকৰ আগভাগ ত্ৰিশৰ দশকৰ আৰম্ভণিত। অতি তীক্ষ্ণ মেধাসম্পন্ন, সুশিক্ষিত যিগৰাকী অসমপ্ৰেমী, অসমৰ জনজাতিপ্ৰেমী তথা অসমীয়াপ্ৰেমী যুৱনেতাই এই দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছিল, সেই যুগন্ধৰ নেতাগৰাকী আছিল ভীমবৰ দেউৰী। প্ৰব্ৰজনে কেনে ভীষণ সমস্যাৰ সৃষ্টি অসমত কৰিবগৈ, তাক বলিষ্ঠ তথা যুক্তিনিষ্ঠ কণ্ঠৰে অসম বিধান পৰিষদত আঙুলিয়াই দিয়া আৰু সেই সমাদানৰ বাবে আমৃত্যু সংগ্ৰাম আৰু তেওঁ আছিল প্ৰথম নেতা। পশ্চাদপদ অসমৰ জনজাতিসকলক সংগঠিত কৰিবলৈ তেওঁৰ উদ্যোগতেই গঠিত হৈছিল ‘অসম ট্ৰাইবেল লীগ’, যি সংগঠনটোৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক।
অসমৰ বৰ্ণবৈষম্যৰে ভৰা হিন্দু সমাজত জনজাতীয়সকল আছিল বৰ্ণ অত্যাচাৰেৰে অত্যাচাৰিত, যিটোৰ সম্পূৰ্ণ অৱসান আজিও হোৱা নাই। এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে অসমত প্ৰথম প্ৰতিবাদী সংগ্ৰাম আৰম্ভ হৈছিল ভীমবৰ দেউৰীৰ নেতৃত্বতেই। অসমৰ জনজাতিসকলৰ সমঅধিকাৰৰ সমগ্ৰামৰ তেওঁ আছিল অগ্ৰগামী নেতা। অসমৰ জনজাতিসকল অসমীয়া জাতিৰ অংগ- এই ঘোষণা তেওঁ বলিষ্ঠতাৰে কৰিছিল আৰু দেশৰ স্বাধীনতা আন্দোলনলৈ সকলো সহায়-সহযোগ আগবঢ়াইছিল। সেইবাবেই এই গুণী ব্যক্তিজনক লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দিছিল ‘জননেতা’ আখ্যা। আজিও ভীমবৰ দেউৰীৰ চিন্তাৱলী তথা কৰ্মাৱলী অসমবাসীৰ বাবে অতি প্ৰাসংগিক।
The post ভীমবৰ দেউৰী প্ৰাসংগিকতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AEiRJe
via IFTTT
Comments
Post a Comment