কৃত্ৰিম চন্দ্ৰৰ পিছত চীনৰ নতুন চমক… ২০২০ৰ পিছত বিশ্ববাসীক দিব ফ্ৰী Wi-Fi

ডিজিটেল ডেস্কঃ এয়াৰচেল, ৰিলায়েন্স কাহানিবাই আউট হ’ল। এয়াৰটেল, ভোডাফোন, আইডিয়াও এতিয়া সংকটত। বাকী থাকিল জিঅ’। এই জিঅ’ৰো চাউল উকলিবলৈ আৰু বেছি দিন নাই। কৃত্ৰিম চন্দ্ৰ তৈয়াৰত ব্যস্ত হৈ পৰা চীনৰ এটি কোম্পানীৰ ঘোঘণাৰ পিছতে দেখা দিছে এনে সম্ভাৱনাই।
লিংকছিউৰ নেটৱৰ্ক নামৰ চীনা কোম্পানীটোৱে অলপতে ঘোষণা কৰিছে যে ২০২০ চনৰ পিছতে সমগ্ৰ বিশ্বতে তেওঁলোকে নেটিজেনসকলক প্ৰদান কৰিব বিনামূলীয়া ৱাই-ফাইৰ জৰিয়তে হাইস্পীড ইণ্টাৰনেট। ইয়াৰ বাবে অহা ২বছৰৰ ভিতৰত দেশখনৰ উত্তৰ-পশ্চিমৰ গাঞ্চু প্ৰদেশৰ জিকুৱান কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰিব ১০ টাকৈ কৃত্ৰিম উপগ্ৰহ।
আনহাতে ২০২৬ চনৰ ভিতৰত প্ৰতিষ্ঠানটোৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হ’বগৈ ২৭২টা। এই কৃত্ৰিম উপগ্ৰহসমূহৰ জৰিয়তে বিশ্বৰ যিকোনো প্ৰান্তৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব পাৰিব বিনামূলীয়া হাইস্পীড ইণ্টাৰনেট। চীনৰ চৰকাৰী সংবাদ পত্ৰ ‘পিপলছ ডেইলী’ত প্ৰকাশিত বাতৰি অনুযায়ী মোবাইল নেটৱৰ্কে ঢুকি নোপোৱা ঠাইতো উপলব্ধ হ’ব এই বিনামূলীয়া ইণ্টাৰনেট সেৱা।
লিংকছিউৰ নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাং জিংয়াঙে জনোৱা মতে এই আঁচনিক বাস্তৱ ৰূপ দিবলৈ ইতিমধ্যে ৪৩১.৪ মিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰা হৈছে। ‘আমাৰ লক্ষ্য তাৎক্ষণিক ব্যৱসায় নহয়। আমাৰ লক্ষ্য বিশ্ববাসীক উন্নত ইণ্টাৰনেট সেৱা প্ৰদান কৰা। কিন্তু আমাৰ এই প্ৰকল্পৰ ব্যৱসায়িক ভৱিষ্যত অতি উজ্জ্বল।’-এইদৰে কয় প্ৰতিষ্ঠানটোৰ মহিলা বিষয়াগৰাকীয়ে।
ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুযায়ী সমগ্ৰ বিশ্বতে ইণ্টাৰনেট সেৱাই প্ৰতিটো চুক-কোণ সামৰি ল’লেও এতিয়াও ৩.৯ বিলিয়ন লোক ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। কিন্তু চীনা প্ৰতিষ্ঠানটোৰ এই ঘোষণাই সকলো লোককে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে, তথ্য প্ৰযুক্তিৰ একছত্ৰী সম্ৰাট স্বৰূপ গুগলৰ লগতে স্পেছ এক্স, ওৱান ৱেব আৰু টেলিছেটৰ দৰে প্ৰতিষ্ঠানেও ছেটেলাইটৰ জৰিয়তে বিনামূলীয়া ইণ্টাৰনেট সেৱা প্ৰদানৰ প্ৰকল্প আৰম্ভ কৰিছে। অৱশ্যে চীনা প্ৰতিষ্ঠানটোৰ দৰেকৈ উক্ত প্ৰতিষ্ঠানসমূহে সমগ্ৰ বিশ্বকে ২০২০ৰ ভিতৰত সামৰি লোৱাৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰা নাই।
The post কৃত্ৰিম চন্দ্ৰৰ পিছত চীনৰ নতুন চমক… ২০২০ৰ পিছত বিশ্ববাসীক দিব ফ্ৰী Wi-Fi appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zwWwNZ
via IFTTT
Comments
Post a Comment