ভাৰতৰ মানচিত্ৰত দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছকঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক দলসমূহ বৰ্তমান ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। বৃহস্পতিবাৰে ৰাজস্থানৰ কোটপুতলীত এখন নিৰ্বাচনী সভাত বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে বিজেপি সভাপতি অমিত শ্বাহে।
সভাপতিগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে- ‘বৰ্তমান কংগ্ৰেছে এনে পৰ্যায় পাইছে গৈ যে ভাৰতৰ মানচিত্ৰত এই দলটোক দূৰবীণ লৈ চাব লাগিব। কংগ্ৰেছ এটা অগণতান্ত্ৰিক পাৰ্টী। এই দলটো মাত্ৰ এটা প্ৰাইভেট লিমিটেড কোম্পানী, গান্ধী-নেহৰুৰ পৰিয়ালৰ দল।’
The post ভাৰতৰ মানচিত্ৰত দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছকঃ অমিত শ্বাহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P8iU5u
via IFTTT
Comments
Post a Comment