প্ৰথম দিনাই ১০০ কোটি বক্স অফিচ কালেকশ্যন, চৰ্চাত টু পইণ্ট অ’

ডিজিটেল ডেস্কঃ ৰজনীকান্ত, অক্ষয় কুমাৰ, আদিল হুছেইন অভিনীত থ্ৰী ডি ছবি টু পইন্ট অ’ই প্ৰথম দিনাই ১০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্বৰ ১০,৬০০ ছবিগৃহত মুক্তি লাভ কৰা ছবিখন চাবলৈ প্ৰথম দিনাই ভিৰ কৰে অজস্ৰ দৰ্শকে। দেশ-বিদেশৰ কোটি কোটি চিনেমাপ্ৰেমীৰ অধিৰ আগ্ৰহৰ অন্ত পেলাই অৱশেষত বৃহস্পতিবাৰে ছবিগৃহলৈ আহে এইখন ছবি।
হলিউড-বলিউডৰ বহু কেইগৰাকী তাৰকাৰ সমান্তৰালকৈ অসম সন্তান আদিল হুছেইনে অভিনয় কৰা, অমৃত প্ৰীতমে ছাউণ্ড ডিজাইন কৰা আৰু অৰুণাভ দত্ত জড়িত থকা ছবিখন প্ৰথম দিনাই চাবলৈ আগতীয়াকৈ চিনেমাপ্ৰেমীয়ে বুক কৰে প্ৰায় ১০ লাখ টিকট।
প্ৰায় ৫৪৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা টু পইণ্ট অ’ ভাৰতীয় চিনেমা ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল আৰু এছিয়া মহাদেশত দ্বিতীয় ব্যয়বহুল চিনেমা হিচাপে বিবেচিত হৈছে। লাইকা প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে আল্লাইৰাজা, শুভাকৰণ আৰু ৰাজু মহালিগংমে।
The post প্ৰথম দিনাই ১০০ কোটি বক্স অফিচ কালেকশ্যন, চৰ্চাত টু পইণ্ট অ’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pbf7UP
via IFTTT
Comments
Post a Comment