ইণ্টাৰনেটত লিক ‘2.0’, মুক্তিৰ দিনাই চিন্তাত ছুপাৰষ্টাৰ ৰজনীকান্ত

ডিজিটেল ডেস্কঃ ৰজনীকান্ত-অক্ষয় কুমাৰৰ ‘2.0’ বৃহস্পতিবাৰে সমগ্ৰ দেশতে মুক্তি লাভ কৰে। ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু অক্ষয়ৰ এই ছবিখন চাবলৈ কাৰ্যালয় খোলা থকা দিনটো ভিৰ লাগে প্ৰায় প্ৰতিটো চিত্ৰগৃহতে। পিছে ইয়াৰ মাজতে চিনেমাখন অনলাইনত উপলব্ধ হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে প্ৰযোজক-পৰিচালক।
প্ৰকাশিত বাতৰি অনুযায়ী মুক্তিৰ পূৰ্বেই চিনেমাখন লিক হয় তামিল ৰকাৰ্ছ নামৰ এটা পাইৰেটেডে ৱেবছাইটত। উল্লেখ্য যে মুক্তিৰ পূৰ্বেই পাইৰেচি ৰোধ কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিনেমাখনৰ প্ৰযোজক সংস্থা লাইকা প্ৰডাকশ্যনছ। উক্ত আবেদনৰ ভিত্তিত ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰক অতি কমেও ১২ হাজাৰ পাইৰেটেড ৱেবছাইট ব্লক কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।
প্ৰকাশিত বাতৰি অনুযায়ী ব্লক কৰাৰ পিছতো মিৰৰ ৱেবছাইট ক্ৰিয়েট কৰি পুনৰ ভিজিটৰসকলক আকৰ্ষণৰ চেষ্টা চলাই আহিছে তামিল ৰকাৰ্ছ নামৰ পাইৰেটেডে ৱেবছাইটটোৱে। মুঠ ৫৪৩ কোটি টকা ব্যায় কৰি নিৰ্মাণ কৰা চিনেমাখন ইণ্টাৰনেটত লিক হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। সেয়া হ’লেও ২০১০ চনৰ ৰজনীকান্ত আৰু ঐশ্বর্য অভিনীত ‘এনথিৰন’ ছবিৰ ছিকুৱেল এই ‘2.0’ ছবিখন বক্স অফিচত হিট হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে।
The post ইণ্টাৰনেটত লিক ‘2.0’, মুক্তিৰ দিনাই চিন্তাত ছুপাৰষ্টাৰ ৰজনীকান্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FLdVIo
via IFTTT
Comments
Post a Comment