এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ”ৰ টিজাৰ মুকলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ এনিমেশ্বন কথাছবি ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ৰ প্ৰাৰম্ভিক দৃশ্যাংশ (টিজাৰ) শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্থিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে। বিশিষ্ট অভিনেতা নিপন গোস্বামী, দীনেশ দাস, সত্ৰাধিকাৰ সুশীল মহন্ত আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গৌতম দাস পৰিচালিত এনিমেশ্বন কথাছবিখনৰ “টিজাৰ” মুকলি কৰা হয়।

ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই মাধৱদেৱৰ মুখ্য চৰিত্ৰত আৰু ছৈয়দ চাদুল্লাই শংকৰদেৱৰ চৰিত্ৰত কণ্ঠদান কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে গুণীন্দ্ৰ ওজা, জিতেন বসুমতাৰী আৰু হেমেন্দ্ৰ দাসে।

The post এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ”ৰ টিজাৰ মুকলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PatBUR
via IFTTT

Comments