পাঠশালাৰ ৰাস মহোৎসৱত ২৪ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, জোনা নামৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, পাঠশালাঃ পাঠশালা ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল সাংস্কৃতিক প্ৰতিযোগিতা। শুকুৰবাৰে নিশা এই প্ৰতিযোগিতাৰ পূৰ্বে পাঠশালা ৰাস মহোৎসৱত কেবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। স্থানীয় কেবাখনো কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, প্ৰাক্তন বিধায়ককে ধৰি ২৪জন লোকক সম্বৰ্ধনা জনায় পাঠশালা ৰাস মহোৎসৱৰ আয়োজকসকলে।

এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হেৰাই যাব ধৰা জোনা নামৰ লগতে সাংস্কৃতিক প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সাংবাদিক তথা ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

উল্লেখযোগ্য যে, এই জোনা নাম সমূহ অতি পুৰণি দিনৰ পৰাই চলি আহিছে। ব্যাংগাত্মকভাৱে কোনো এক বিষয় উপস্থাপন কৰা হয় এই নামৰ জৰিয়তে। পাহৰণিৰ গৰ্ভত হেৰাই যাব ধৰা অসমৰ থলুৱা এই নামবোৰ পুনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাখনত মুঠ ২৫টা দলে অংশ লয়। ইফালে, পাঠশালা ৰাস মহোৎসৱত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে।

The post পাঠশালাৰ ৰাস মহোৎসৱত ২৪ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, জোনা নামৰ প্ৰতিযোগিতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KHSO8F
via IFTTT

Comments