টীয়ক সমষ্টিৰ সমস্যা সমাধানৰ দাবীত বিত্তমন্ত্ৰীলৈ ছাত্ৰ সন্থাৰ মুকলি আহ্বান

ডিজিটেল সংবাদ, টীয়কঃ স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো অসম চৰকাৰে টীয়ক সমষ্টিৰ উন্নয়নত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে শুকুৰবাৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ’বহি টীয়কত। তেওঁ উপস্থিত হোৱাৰ প্ৰাকক্ষণত বহু দাবীৰে ছাত্ৰ সন্থাই চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।
তেওঁলোকৰ দাবী সমূহ হ’ল- জাঁজীমুখক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলা, জাঁজীমুখত জাঁজী নদীৰ ওপৰত এখন পকী দলংৰ নিৰ্মান কৰাষ জাঁজীমুখৰ ২৫৭ টা পৰিয়ালৰ লগতে টীয়ক সমষ্টিৰ অন্যান্য ভূমিহীন-গৃহহীন পৰিয়ালৰ পুনৰ সংস্থাপন, ললিত চন্দ্ৰ ৰাজখোৱাৰ নামত থকা মিনি ষ্টেডিয়ামখন পূৰ্ণাংগৰূপত গঢ় দিয়া, ললিত চন্দ্ৰ ৰাজখোৱাৰ নামত নামাংকিত ২৫ কিলোমিটাৰৰ গৰকাপ্তানী পথটি দুই লেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰা, ৩০ খন বিচনাযুক্ত টীয়ক এফ.আৰ.ইউক ৰাজ্যিক চিকিৎসালয় হিচাপে গঢ়ি তোলা, টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী খোলাৰ ব্যৱস্থা কৰা, টীয়কক কৃষি মহকুমা হিচাপে গঢ়ি তোলা।
উক্ত দাবীকেইটা টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিল। উল্লেখ্য যে অহা শুকুৰবাৰে টীয়ক সমষ্টিত অসম চৰকাৰৰ বিত্তমন্ত্ৰীজন নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব। সেয়েহে চৰকাৰী পক্ষই উক্ত দাবীকেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ বাবে ছাত্ৰ সন্থাই অসম চৰকাৰলৈ আহ্বান জনাইছে। মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কথা নাভাবি টীয়ক সমষ্টিৰ সমস্যাকেইটাৰ ওপৰত চৰকাৰে ৰাইজৰ পক্ষত সিদ্ধান্ত ল’বলৈ ছাত্ৰ সন্থাই আহ্বান জনাইছে।
The post টীয়ক সমষ্টিৰ সমস্যা সমাধানৰ দাবীত বিত্তমন্ত্ৰীলৈ ছাত্ৰ সন্থাৰ মুকলি আহ্বান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FR6P59
via IFTTT
Comments
Post a Comment