গোৱালপাৰাত চলিত বৰ্ষৰ আগষ্ট মাহলৈ ১৭ শিশুৰ মৃত্যু

ডিজিটেল সংবাদ, কৃষ্ণাইঃ বে-চৰকাৰী সংস্থা “দিয়া ফাউণ্ডেচন”ৰ উদ্যোগত আৰু চাৰ্পাক লাভলিহুড প্ৰমোচন চ’ছাইটিৰ সহযোগত দুধনৈ পৰিদৰ্শন বঙলাৰ সভাকক্ষত প্ৰথমবাৰৰ বাবে “এগৰাকী মাতৃয়ে মৰ্যদাপূৰ্ণ সন্তান প্ৰসৱ আৰু সুৰক্ষিত মাতৃত্ব অৰ্জন” শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়৷ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কৰ্মশালাখন উদ্বোধন কৰে বিশিষ্ট সাংবাদিক চৈয়দ ৰবিউল হকে৷

সাংবাদিক চৈয়দ ৰবিউল হকে উদ্ধোধনী ভাষণ প্ৰসঙ্গত এগৰাকী মাতৃয়ে গৰ্ভাৱস্থা, সন্তান প্ৰসৱ আৰু গৰ্ভ ধাৰণৰ সময়ত লব লগা যত্ন, প্ৰসৱৰ সময়ত সমৰুচি সম্পন্ন লোকৰ প্ৰাধান্য লগতে চিকিৎসা কৰ্মীৰ পৰা সন্মান আৰু মৰ্যদাপূৰ্ণ ব্যৱহাৰ আদিৰ সন্দৰ্ভত তথ্য সহকাৰে বিতৃস্তভাৱে বৰ্ণনা দাঙি ধৰে। এই ক্ষেত্ৰত মাতৃ সকলক সচেতন হবলৈ আহ্বান জনোৱাৰ লগতে চিকিৎসা কৰ্মী আৰু আশাকৰ্মী সকলক মৰ্যদাপূৰ্ণ সেৱা আগবঢ়াবলৈ তেঁও আহ্বান জনায়।

লগতে তেওঁ কয় যে, ইউনিচেফৰ এক তথ্য মতে গোৱালপাৰা জিলাত বিগত পোন্ধৰ মাহত ১০৭ গৰাকী নৱজাতক পুষ্টিহীনতাৰ বাবে মৃত্যু মুখত পৰাৰ বিপৰীতে চলিত বৰ্ষৰ আগষ্ট মাহলৈ সৰ্বমুঠ ১৭ গৰাকী শিশুৰ মৃত্যু হৈছে৷ প্ৰসূতিৰ মৃত্যু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ ভিতৰত গোৱালপাৰা জিলাই তৃতীয় স্থানত থকাৰ লগতে দৰং জিলা প্ৰথম আৰু ধুবুৰী জিলা দ্বিতীয় স্থানত। উল্লেখ্য যে, উক্ত সমস্যা সম্প্ৰতি চৰকাৰে অতি গুৰুত্বপূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বৰ্তমান বহু পৰিমানে হ্ৰাস পাইছে৷

“দিয়া ফাউন্ডেচন”ৰ সম্পাদক মাৰ্টিন ৰাভাই চৰকাৰে গৰ্ভাৱতী মহিলা তথা প্ৰসূতি সকলৰ স্বাস্থ্য আৰু সন্তান প্ৰসৱৰ ক্ষেত্ৰত বিভিন্ন আচঁনি আৰু সা- সুবিধা প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰাবলৈ প্ৰসূতি মাতৃ সকললৈ আহ্বান জনায়। আনহাতে কৰ্মশালাৰ সঞ্চালক তৰুণ চন্দ্ৰ ৰাভাই আশা কৰ্মীসকলে প্ৰসূতি মহিলা সকলৰ বাবে যিধৰণে কষ্ট আৰু দায়িত্ব স্বীকাৰ কৰি আহিছে সেই হিচাপে কোনোধৰণৰ মৰ্যদা আৰু সন্মান তথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে৷ লগতে আশাকৰ্মীৰ সকলক উদ্দেশ্যি কয় যে-ভাল কামৰ জৰিয়তে আত্মসন্তষ্টি লাভ কৰিব পৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ৷

কৰ্মশালাত সাংবাদিক স্বপন কুমাৰ ৰাভাইও মন্তব্য দাঙি ধৰাৰ লগতে “দিয়া ফাউণ্ডেচন”ৰ প্ৰজেক্ট মেনেজাৰ চন্দনা চাংমা, চাৰ্পাক লাভলিহুড প্ৰমোচন চ’ছাইটিৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দীপিকা ৰাভা, গ্ৰীণ আৰ্থ এন জি অৰ সভাপতি হেৰম্ব নাথ, পৰমানন্দ ৰাভা, গোপী ৰাভা, জয়চন্দ্ৰ ৰায়, লাচিত ৰাভা সহ গ্ৰামাঞ্চলৰ কেবাগৰাকী আশাকৰ্মী উপস্থিত থাকে।

The post গোৱালপাৰাত চলিত বৰ্ষৰ আগষ্ট মাহলৈ ১৭ শিশুৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Sinqjw
via IFTTT

Comments