ডিজিটেল সাংবাদিক সংস্থা (আডজা)ৰ গোলাঘাট জিলা সমিতি গঠন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ডিজিটেল মিডিয়াই ক্ৰম বৰ্ধমান জনপ্ৰিয়তাৰ পাছত ইতিমধ্যে অসমৰ নিউজ পৰ্টেল নাইবা ডিজিটেল মিডিয়াৰ সাংবাদিক সকলক একত্ৰিত কৰি সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা চমুকৈ ‘অাডজা’ শক্তিশালী ৰূপত অাত্মপ্ৰকাশ কৰিছে। ইয়াৰ অংশ বিশেষ ৰাজ্যখনত পৰ্যায়ক্ৰমে জিলা সমিতিসমূহ গঠন কৰা হৈছে। তদুপলক্ষে গোলাঘাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত অাডজাৰ গোলাঘাট সমিতি অানুষ্ঠানিকভাৱে গঠন কৰা হয়।

সাংবাদিক জিতুৰঞ্জন গোঁহায়ে অাঁত ধৰা সভাত চন্দন বৰাক সভাপতি, কাৰ্যকৰি সভাপতি অাহমেদ হুছেইন, পবিত্ৰ নাথ, ভূপেন শইকীয়া, জিতুৰঞ্জন গোঁহায়ক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১জনীয়া গোলাঘাট জিলা সমিতি গঠন কৰা হয়। সভাত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ভূঞা, গোলাঘাট প্ৰেছ ক্লাৱৰ সভাপতি দেৱজিৎ ফুকন, সাংবাদিক পংকজ হাজৰিকা, মোস্তাক হুছেইন, চন্দন কৰ্মকাৰৰ লগতে বহুজনে বক্তব্য অাগবঢ়ায়।

The post ডিজিটেল সাংবাদিক সংস্থা (আডজা)ৰ গোলাঘাট জিলা সমিতি গঠন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AzQlsf
via IFTTT

Comments