ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত কৃষকৰ মৃত্যু

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৷ শুকুৰবাৰে পুৱতি নিশা ডিমাকুছি থানাৰ অন্তৰ্গত ভোলাতাৰ নেউলী গাঁৱত নিশা প্ৰায় ১ বজাত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে পকা ধান পহৰা দিবলৈ যোৱা দল বাহাদুৰ তামাং নামৰ কৃষকজনক আক্ৰমন কৰে। বনৰীয়া হাতীৰ আক্ৰমণত লোকজনৰ মৃত্যু হোৱাৰ উপৰিও পথাৰৰ পকা ধান খাই ঘৰ-দুৱাৰ ভঙা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পুৱা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ চলিত বৰ্ষৰ বৰ্তমানলৈ ধনশ্ৰী বন সংমণ্ডলৰ অধীনস্থ ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত হাতী আৰু মানুহৰ সংঘাতত ১৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬টা বনৰীয়া হাতীৰ অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে যদিও বন বিভাগে এই সংঘাত ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে৷

বন বিভাগে জিলাখনৰ হাতীৰ বিচৰণস্থলী বৰনদী অভয়াৰণ্য আৰু খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বেদখল মুক্ত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰি, হাতী-মানুহ সংঘাত ৰোধৰ বাবে ৰাইজৰ মাজত কেৱল সজাগতা সভা পাতিয়েই দ্বায়িত্ব সামৰিছে বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে৷ আনহাতে বন বিভাগৰ হাতত পৰ্যাপ্ত বন কৰ্মী আৰু আধুনিক সা-সুবিধা নথকাত এই সংঘাত ৰোধত বিভাগটো ব্যৰ্থ হোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে৷

The post ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত কৃষকৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rfPV5X
via IFTTT

Comments