মহানগৰীৰ বাক্ৰাপাৰাত বিধ্বংসী অগ্নিকাণ্ড, ১০টা বাসগৃহ ভস্মীভূত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ বাক্ৰাপাৰা সত্যবালা পথত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

উল্লেখ্য যে, জুইৰ লেলিহান শিখাই সাঙুৰি ধৰে সমগ্ৰ অঞ্চলটো। এই অগ্নিকাণ্ডত জাহ যায় ১০টাকৈ বাসগৃহ। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে ৰাইজে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

The post মহানগৰীৰ বাক্ৰাপাৰাত বিধ্বংসী অগ্নিকাণ্ড, ১০টা বাসগৃহ ভস্মীভূত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AwH0kZ
via IFTTT

Comments