ছুইডেনত অট্টালিকাত খুন্দা ভাৰতীয় বিমানৰ, কথমপি প্ৰাণ ৰক্ষা শতাধিকৰ

ডিজিটেল ডেস্কঃ ছুইডেনত কথমপি প্ৰাণ ৰক্ষা পৰে শতাধিক ভাৰতীয়ৰ। প্ৰাপ্ত বাতৰি মতে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বুধবাৰে অৱতৰণৰ সময়ত এটা অট্টালিকাত খুন্দা মাৰে। ফলত হুৱাদুৱা লাগে দেশখনৰ ৰাজধানী ষ্টকহমৰ বিমান বন্দৰত।

অৱশ্যে বিমান বন্দৰ কৰ্তৃপক্ষ তথা পাইলটৰ তৎপৰতাৰ বাবে যাত্ৰীসকল ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে। বিমান বন্দৰৰ সূত্ৰই জনোৱা মতে অৱতৰণৰ সময়তে কোনো কাৰণত বিমানখনৰ বাওফালৰ উয়িং কাষতে থকা এটা অট্টালিকাৰ দেৱালত লাগি ধৰে।

লগে লগে তাত উপস্থিত থকা জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে মোবাইল ষ্টেয়াৰকেচৰ সহায়ত যাত্ৰীসকলক নিৰাপদে বাহিৰলৈ আনে। উল্লেখ্য যে ১৭৯ গৰাকী যাত্ৰীসহ বিমানখন নতুন দিল্লীৰ পৰা উৰা মাৰি ছুইডেনত উপস্থিত হৈছিল।

কি কাৰণত এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।

The post ছুইডেনত অট্টালিকাত খুন্দা ভাৰতীয় বিমানৰ, কথমপি প্ৰাণ ৰক্ষা শতাধিকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ro01gS
via IFTTT

Comments