গোৱালপাৰাত এআইইউডিএফ কৰ্মীৰ আক্ৰমণত আহত ২ কংগ্ৰেছৰ সমৰ্থক

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা। পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে।

ইয়াৰ মাজতে নিশা পশ্চিম গোৱালপাৰাৰ নলংগাত সংঘটিত হয় মাৰপিটৰ ঘটনা। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, এআইইউডিএফ দলৰ প্ৰাৰ্থীৰ সমৰ্থকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ওপৰত আক্রমণ চলোৱাত কংগ্ৰেছৰ দুই সমৰ্থক ক্ৰমে মুকুল ইছলাম আৰু ছৰিফুল ইছলাম গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততালিকে গোৱালপাৰা চহৰৰ ছোলেচ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়। ঘটনাটোৱে সমগ্ৰ গোৱালপাৰাতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

The post গোৱালপাৰাত এআইইউডিএফ কৰ্মীৰ আক্ৰমণত আহত ২ কংগ্ৰেছৰ সমৰ্থক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FK4HMn
via IFTTT

Comments