কাৰ মুখত কোনে দিব সোপা?

♦ মৃদুল কুমাৰ সন্দিকৈ

 

বৰিকন নপাম্ৰধু ,
বৰিকন নপাদ্যম”

এই সংস্কৃতৰ শ্লোকফাকি আওৰাই এজন ছাত্ৰই সংস্কৃতৰ শিক্ষকক সুধিলে- ছাৰ, এই শ্লোকৰ অৰ্থ কি? শিক্ষকজনে ইমান টান সংস্কৃতৰ শ্লোক কেতিয়াও পঢ়া মনত নপঢ়ে। সেইদিনা মই পিছত কৈ আছু বুলি কৈ শিক্ষকজন ক্লাছৰ পৰা আতৰি গ’ল। তেওঁ ঘৰলৈ গৈ টেলিফোনযোগে জ্যেষ্ঠ কেইবাজনো সংস্কৃত পণ্ডিতক এই শ্লোক আওৰাই অৰ্থ সুধিল। কোনোৱে তেওঁক সেই উত্তৰ দিব নোৱাৰিলে।

তেওঁৰ হাতত থকা কিতাপ মেলি ওচৰৰ কলেজখনত থকা লাইব্ৰেৰীলৈ গৈ পুৰণি কিতাপ খুচৰিও ইয়াৰ অৰ্থ বিচাৰি উলিয়াব নোৱাৰিলে। ছাত্ৰজনক দেখিলেই তেওঁ পলাই ফুৰিবলৈ ধৰিলে। দুদিনমান তেওঁ সংস্কৃত ক্লাছ ল’বলৈকে নগ’ল। ভাবিলে দুসপ্তাহমানৰ পাছত চাগে ল’ৰাটোৱে এই কথাষাৰ পাহৰিলে।

তাৰপাছত ক্লাছলৈ যাওঁতে পুনৰ ছাত্ৰজনে থিয় হৈ সংস্কৃত শিক্ষকজনক উদ্দেশ্যি ক’লে- ছাৰ মই আপোনাক এটা শ্লোকৰ অৰ্থ সুধিছিলো। শিক্ষকজনে তাক শ্লোকৰ অৰ্থ কোৱাতকৈ ক’ত সেই শ্লোক পালে তাকে জানিব বিচাৰি তাক উদ্দেশ্যি ক’লে- এই শ্লোক ক’ত লিখা আছে তই লৈ আহিবিচোন। ছাত্ৰজনে শিক্ষকজনক উদ্দেশ্যি উত্তৰ দিলে- ছাৰ, মই এতিয়াই দেখুৱাই দিব পাৰো, ক’ত লিখা আছে এই শ্লোক। শিক্ষকজন মান্তি হোৱাত ছাত্ৰজনে স্কুলখনৰ অধ্যক্ষৰ কোঠালৈ তেওঁক লৈ গ’ল। তাৰপাছত ছাত্ৰজনে অধ্যক্ষৰ কোঠাত সোমাই তাতে আঁৰি থোৱা এখন আইনাত জিলিকি থকা এই শ্লোকটো দেখুৱাই ক’লে- এয়া ছাৰ। তেতিয়াহে শিক্ষকজনে আচল কথাটো বুজি পালে। আচল কথা গম পায় শিক্ষকৰ হাঁহিও উঠিল, খঙো উঠিল।

আইনাখনৰ বিপৰীত দিশত দুটা বাক্য লিখি থোৱা আছে-

‘ধুম্ৰপান নকৰিব।

মদ্যপান নকৰিব।’

এই শাৰী কেইটাই আইনাখনত এইদৰে প্ৰতিফলিত হৈ হৈছে গৈ-

“বৰিকন নপাম্ৰধু ,
বৰিকন নপাদ্যম”

সেই শিক্ষকজনৰ দৰে দশা আমাৰ প্ৰায়ে হয়। আচল ছবিখন নেদেখুৱাই বেলেগ এখন ছবি আমাক দেখুৱাবলৈ যত্ন কৰে নেতাসকলে। শাসনত থকা সময়ত তেওঁলোকে উন্নতিয়েই কৰিছে। তেওঁলোকৰ বাবেই সকলো হৈছে। এই কথা কয়। আৰু বিৰোধী আসনত বহা লগে লগে দেশ ৰসাতলে গ’ল, সকলো শেষ হ’ব বুলি মানুহক বুজাবলৈ চেষ্টা কৰে।

এতিয়া নিৰ্বাচনৰ বতৰ নেতাৰ মুখত কথাৰ আখৈ ফুটিছে। মৰিগাঁৱৰ নিৰ্বাচনী সভাত অংশ লৈ খোদ মুখ্যমন্ত্ৰীয়ে ক’লে- দিছপুৰত তেওঁলোকৰ সৈতে একেলগে শাসনত থকা মিত্ৰদল অগপই হেনো কংগ্ৰেছৰ লগত মিতিৰালি পাতিছে। মুখ্যমন্ত্ৰীয়ে ক্ষোভো ব্যক্ত কৰিলে, ৰাইজে অনাদৰ কৰা বিজেপিৰ ৰাজনৈতিক শত্ৰু কংগ্ৰেছৰ সৈতে এই মিত্ৰতা ভাল কথা হোৱা নাই। ৰাজহুৱাকৈ যেতিয়া মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে, তেন্তে মুখ্যমন্ত্ৰীৰ হাতত নিশ্চয় ইয়াৰ তথ্য প্ৰমাণ আছে। অসম গণ পৰিষদে যদি এয়া কৰিছে তেন্তে ৰাজহুৱা সভাত এই মন্তব্য কৰাৰ আগতেই নৈতিকতা আৰু আদৰ্শৰ দিশৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথমে আন এক কাম কৰিব লাগিছিল। সেয়া হ’ল- শত্ৰুৰ শিবিৰত গৈ বন্ধুত্ব স্থাপন কৰা অগপৰ সংগ মুহূৰ্ততে ত্যাগ কৰিব লাগিছিল। কিন্তু তেনে নকৰে। সেই ছাত্ৰজনৰ দৰেই ভিতৰি বেলেগ কথা আৰু বাহিৰত আইনাত প্ৰতিফলিত হোৱাৰ দৰে বিপৰীত এখন ছবি দেখুৱাই ভোটাৰৰ আস্থা অৰ্জন কৰিব বিচাৰে।

অসমৰ ৰাজনীতিত নেতাসকলৰ প্ৰমূল্যবোধৰ অভাৱ হৈছে নেকি? পূৰ্বতেও ৰাজনীতিত জড়িত হৈ থকা শাসক-বিৰোধী নেতাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু তেওঁলোকৰ মাজত ৰাজনৈতিক মত প্ৰাৰ্থক্য থাকিলেও, নৈতিকতা আৰু ৰুচিবোধৰ পৰিচয় দি সেই মত প্ৰাৰ্থক্যক জনসাধাৰণৰ মাজলৈ লৈ গৈছিল। অসমতে এনে নেতা আছিল যি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নিজৰ জনসভা শেষ হোৱাৰ পাছত তেওঁৰ মাইকৰ ছেটটো বিৰোধী প্ৰতিদ্বন্দ্বীক ব্যৱহাৰ কৰিবলৈ দি দিছিল। সেই সময়ত মাইকৰ ব্যৱহাৰেৰে জনসভা অনুষ্ঠিত কৰা কথাটো আছিল এক বিলাসী কাৰবাৰ। এই প্ৰমূল্যবোধ আজি দেশ বা ৰাজ্যৰ প্ৰেক্ষাপটত হেৰাবলৈ ধৰিছে।

এনে নেতাও এতিয়া আছে যাৰ অসীমত সীমা হেৰাই গৈছে। সংবাদ মাধ্যমে তেওঁক ঢুকি নাপায় বুলি মুকলিকৈ ক’ব পাৰিছে। অথচ সেই সকলকে মাতি নি সংবাদমেল পাতি অভিজ্ঞ ৰাজনৈতিক নেতাজনে সংবাদ মাধ্যমকে এক প্ৰকাৰৰ নুই কৰি এই বক্তব্য তেওঁলোকৰ জৰিয়তে ৰাইজৰ মাজলৈ পঠিয়াইছে।

অতি ব্যক্তিকেন্দ্ৰিক কথা-বতৰা। কোন কাৰ বুকুচাত উঠি নিৰ্বাচন খেলিছে। কোন কেইবাৰ তিহাৰ জেললৈ গৈছে বা কোনো এক সম্প্ৰদায়ত পৰিধান কৰা ধূতি-লুঙি ৰাজনৈতিক দলৰ প্ৰতীক হ’ব বুলি উপলুঙা কৰা মন্তব্যই সংবাদ মাধ্যমত বিশেষ স্থান লাভ কৰিছে। এইবোৰ বিষয় উপস্থাপনেৰে জনসভাবোৰ ৰাজনৈতিক দলৰ নেতাৰ চাৰ্কাছ হৈ পৰিছে। জনসাধাৰণৰ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সন্দৰ্ভত আলোচনা, এই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিকল্পনা, প্ৰতিশ্ৰুতি দিয়াৰ সলনি এনে মন্তব্যৰে মুখৰ খুজৱতি মাৰি নিৰ্বাচনী প্ৰচাৰৰ এই প্ৰক্ৰিয়াটোক এতিয়া তৰল কৰি পেলোৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ আন এক অভিযোগ কৰিছে। সেয়া হ’ল- অসমলৈ হেনো অহা ৩ লাখ ২২ হাজাৰ আই এ ৱাই ঘৰক লৈ কেলেংকাৰী কৰিলে কংগ্ৰেছে। সেই ধন আত্মসাৎ কৰিছে ১৫ বছৰ শাসনত থকা দলটোৱে। মুখ্যমন্ত্ৰীৰ এই অভিযোগক মিছা বা সঁচা বুলি নকৈ, ৰাইজক তেওঁ কোৱা কথা কেইটাৰ আধাৰত মুখ্যমন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান জনাব বিচৰা কথাটো হ’ল- ৩ লাখ ২২ হাজাৰ দুখীয়া লোকৰ ঘৰৰ বাবে অহা ধন যদি কংগ্ৰেছে আত্মসাৎ কৰিছে, তেনেহ’লে কিমান বিশাল পৰিমাণৰ ধনৰ কেলেংকাৰী হৈছে। এই কথা নিৰ্বাচনী সভাত কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় তেওঁৰ হাতত সকলো ক্ষমতা থকাৰ পাছতো তদন্ত কৰি কংগ্ৰেছ দলৰ সেই সময়ৰ চৰকাৰত থকা লোকসকলক আইনৰ ওচৰত জবাবদিহি কৰিব পৰা নাই?

নিৰ্বাচনী প্ৰচাৰতেই আন এজন নেতাই ভোটাৰ ৰাইজক উপদেশ দিছে- কোনোবাই যদি টকা যাচে অনাদৰ নকৰিব। ঘপককৈ লৈ জেপত ভৰাই থ’ব। এজন বিধায়ক হিচাপে নিৰ্বাচনী সভাত ভোটাৰক টকা ল’বলৈ উপদেশ দিব পৰা মানসিকতা থকা এজন জনপ্ৰতিনিধিয়ে হয়তো ভাবিব নোৱাৰিলে, চলাহী কথা ক’বলৈ গৈ তেওঁ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি কি মন্তব্য ভাষণৰ মাজতেই কৰিলে।

যোৱা কিছু দিনত ইজন পাছত সিজনকৈ ৰাজনৈতিক দলৰ নেতাই এনে কিছু মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ গৰম কৰি তুলিছে। বদৰুদ্দিন আজমলক কোনোবাই যদি বিজেপিৰ এজেন্ট বুলি কৈছে, আন কোনোবাই মুখ্যমন্ত্ৰীক দুই নম্বৰী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তিনি নম্বৰী বিজেপি আখ্যা দিছে। এই কথা কৈছে খোদ ‘হু ইজ বদৰুদ্দিন’ বুলি মন্তব্য কৰি অসমীয়া জাতীয় আৱেগক লৈ ৰাজনীতি কৰিব জনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তিতাবৰৰ মাধপুৰত নিৰ্বাচনী সভাত অংশ লৈ তৰুণ গগৈয়ে এই মন্তব্যৰে দুয়োগৰাকী ৰাজনৈতিক নেতাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে। এই কথাবোৰৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিব পৰাকৈ বা পতিয়ন নিয়াব পৰাকৈ তেওঁলোকে কোনো সমস্যা বা বিষয় এই জনসভাসমূহত উপস্থাপন নকৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ ৰাইজ অসন্তুষ্ট। কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মুখত টু শব্দও নাই। কৌশলেৰে দুই এটা শব্দ ক’লে সেয়া অশ্বত্থামা হত ইতি গজৰ দৰে। একাংশ বুদ্ধিজীৱীয়ে ন-অসমীয়া ফেক্টৰী খুলিছে বুলি কটাক্ষ কৰিব জনা ক্ষমতাশালী মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ কেতিয়াও নিজ চৰকাৰে কৰা কাম-কাজক লৈ ৰাইজ সন্তুষ্ট নে বুলি ৰাইজক মুকলিকৈ প্ৰশ্ন কৰিব নোৱাৰে।

অসমৰ বা ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত নেতাসকলে নিৰ্বাচনৰ সময়ত ভোটাৰক বহু কথা ক’ব লাগে বাবেই কয়। নিৰ্বাচন যোৱাৰ পাছত এইবোৰ নিৰ্বাচনী ভাষণতেই ৰৈ যায়। কাৰোবাৰ গা এতিয়া কংগ্ৰেছ কংগ্ৰেছ গোন্ধাই আছে বুলি একালৰ সতীৰ্থকে সমালোচনা কৰা সকলে কিন্তু পঞ্চায়তৰ জৰিয়তে কি কাম কৰিলে সেয়া এতিয়াও বিচাৰ কৰিব নোৱাৰে।

যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে বহু আশাৰে এই ৰাজনৈতিক দলবোৰৰ মাজৰ পৰাই নিজৰ প্ৰতিনিধিক ভোট দি জয়যুক্ত কৰিছিল। সেইবাৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ সদস্যৰ সংখ্যা আছিল ১০,৮০৬, বিজেপিৰ ১,৫২৯, অগপৰ ২৩০৯গৰাকী, বিপিএফৰ ৪৩গৰাকী, এই আই ইউ ডি এফৰ ২৬২৩গৰাকী, চিপিআইৰ ২৪গৰাকী, চিপিএম ৮৫গৰাকী আৰু নিৰ্দলীয় ৪৩০৭গৰাকী। একেদৰে জিলা পৰিষদত কংগ্ৰেছৰ সদস্যৰ সংখ্যা আছিল ২৯৩গৰাকী, বিজেপিৰ ১৫গৰাকী, অগপৰ ২৯গৰাকী, এআইইউডিএফৰ ৭৬গৰাকী, চিপিআইৰ এগৰাকী, চিপিআই (এম)ৰ দুগৰাকী আৰু নিৰ্দলীয় ২৪গৰাকী। আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ ১২৩৫গৰাকী, বিজেপিৰ ১৩০গৰাকী, অগপৰ ১৮২গৰাকী, বিপিএফৰ ৪গৰাকী, এআইইউডিএফৰ ৩৯৭গৰাকী, চিপিআইৰ দুগৰাকী, চিপিআই (এম)ৰ ৫গৰাকী আৰু নিৰ্দলীয় ২৩৫গৰাকী প্ৰতিনিধিক নিৰ্বচান কৰিছিল। একেদৰে গাঁও পঞ্চায়তৰ সভাপতি পদত ১২২৩গৰাকী কংগ্ৰেছৰ, বিজেপি ১০৬গৰাকী, ১৮৩গৰাকী অগপৰ, ২গৰাকী বিপিএফৰ, ২গৰাকী চিপিআইৰ, ১গৰাকী চিপিআই (এম) আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ২৮৫গৰাকী নিৰ্বাচিত হৈছিল। 

এইসকল প্ৰতিনিধিয়ে কি কৰিলে সেয়া সামূহিক অৰ্থত ৰাইজে দেখিলে। পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত থানাই থানাই গোচৰ ৰুজু হ’ল। ৰাইজৰ কামতকৈ দুৰ্নীতি বেছি হ’ল বুলি চৰ্চিত হৈছিল। তৃণমূল পৰ্যায়ত সংঘটিত এই দুৰ্নীতিয়ে কংগ্ৰেছক বাৰুকৈ ক্ষতি কৰিছে। দুৰ্নীতি ইছ্যুক লৈ কংগ্ৰেছ দলে ৰাইজৰ কাষ চাপিব পৰা নাই। জাতীয়তাবাদক সমল কৰি বিজেপিৰ সৈতে দিছপুৰত উঠা-বহা কৰাৰ পাছত অগপয়ো ভবা ধৰণে ৰাইজৰ পৰা সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। জাতি-মাটি-ভেটিৰ কথা কৈ বিধানসভা নিৰ্বাচনীৰ বৈতৰণী পাৰ হোৱা বিজেপিয়ে পুনৰবাৰ এই শ্ল’গান দোহৰাৰ সাহস নাই। সাম্প্ৰদায়িক ৰাজনীতিৰে কিছুদিন অসমৰ ৰাজনীতিত ভুমুকি মৰা বদৰুদ্দিন আজমলৰ ৰাজনৈতিক কবচ এন আৰ চি প্ৰস্তুতকৰণৰ পাছত নচলা টকা সদৃশ হ’ল। এই পৰিবেশ-পৰিস্থিতিত ৰাইজৰ কাষ চাপিব পৰাকৈ সুনিৰ্দিষ্ট কোনো ইছ্যু বা বিষয় এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কোনো ৰাজনৈতিক দলেই দাঙি ধৰিব নোৱাৰিলে।

কোনোবাই যদি কাৰোবাক ব্ৰেইন নথকা নেতা বুলি কৈছে। আন কোনোবাই আকৌ তেওঁক অন্য ধৰণে কটাক্ষ কৰি ইজনে সিজনক বোকা ছটিওৱা এই শব্দৰ খেলৰ মাজতেই নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। কিন্তু তেওঁলোকৰ এনে উদ্দেশ্য প্ৰণোদিত অতি ব্যক্তিকেন্দ্ৰিক আচৰণে অসমৰ ৰাজনৈতিক পৰিৱেশ সংকীৰ্ণ কৰি পেলাব।

মিত্ৰতাক বিভেদ-বিচ্ছেদ নহয় বুলি কৈ প্ৰয়োজনত এক ছেকেণ্ডতেই বিজেপিৰ সংগ ত্যাগ কৰিম বুলি কোৱা সকলে দিছপুৰত দিনে-ৰাতিয়ে একেলগে থাকি ৰাইজৰ কাষত গৈ তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামি পৰিছে। ভিতৰি বন্ধুত্ব আৰু বাহিৰত শত্ৰুতা এই দুই প্ৰতিচ্ছবি অসমৰ ৰাইজে আজি দেখিবলৈ পাইছে।

এনে প্ৰেক্ষাপটত এটা বিশেষ কাহিনী ৰাইজে মনত পেলাব পাৰে। বেনাৰসলৈ যোৱা এজন বয়সস্থ লোকৰ কাষত এজন যুৱক আহি থিয় হৈছিলহি। গাড়ীৰ পৰা তেওঁ নামিছিলহে তাত। যুৱকজনে হাতযোৰ কৰি সুধিলে- মোক চিনি পাইছেনে? মানুহজনে নাই পোৱা বুলি কোৱাত যুৱকজনে পৰিচয় দিলে- তেওঁ হেনো সম্বন্ধত ভাগিন লাগে। অৰ্থাত ফুৰিবলৈ অহা মানুহজন তেওঁৰ মামাক। উপযাচি পৰিচয় দিয়া যুৱকজন কোন মনত পেলাব নোৱাৰিলেও, কোনোবা দূৰ সম্পৰ্কীয় ভাগিন বুলিয়েই ধৰি লৈ কাষ চপাই ল’লে মানুজনে। বানাৰস ঘূৰাত যুৱকজনে সঁহায় কৰি দিলে। এদিন গৈ দুয়ো গংগাৰ ঘাট পালে। মামাকে ক’লে- মই গংগাস্নান কৰি লওঁ। তুমি মোৰ কাপোৰ-কানিবোৰ চাবা। ভাগিনে মামাকৰ কাপোৰ ৰখি থাকিল, মামাক গংগাত নামিল। চিন্তা কিহৰ, খোদ ভাগিনক থৈ আহিছে ৰখীয়া। ডুব মাৰি পাৰলৈ উঠি আহি দেখে ভাগিন নাই।

মানুহজনে কাষতে থকা এজন এজনকৈ কেবাজনকো সুধিলে- ভাগিনক দেখিছিলা? নাই, কোনে চিনে তেওঁৰ ভাগিনক! ভাগিনক আৰু তেওঁ বিচাৰি নাপালে। প্ৰয়োজনত ভাগিন তেওঁৰ কাষলৈ আহিছিল। কাম হ’ল, ভাগিনো গুচি গ’ল। আমাৰ ৰাজনৈতিক নেতাসকলো সেই ভাগিনৰ দৰেই। ৰাইজৰ কাষলৈ আহি অচিনাকি ভোটাৰক কয়হি- নমস্কাৰ, মোক চিনি পাইছেনে? মই নেতা। এই নিৰ্বাচনত মই উঠিছো। ভোটদান নোহোৱালৈকে ৰাইজৰ শ্ৰীচৰণত এনেদৰে শৰণ দি পৰে। তেওঁৰ দৰে ৰাইজৰ সমান চিন্তা কৰা মানুহ আৰু কোন আছে? যি নিৰ্বাচন পাৰ হ’ল তাৰপাছত আৰু তেওঁক বিচাৰি পাবলৈ নোহোৱা হ’ল। সেই মানুহজনে ভাগিনক বিচৰাৰ দশা হয়। ৰাইজে হাহাকাৰ কৰি ফুৰে, নেতাৰ খবৰেই নাথাকে।

নেতাই যি কয় সাধাৰণ মানুহে এদিন সঁচা বুলি মানি লৈছিল। কিন্তু এতিয়া সেয়া মানুহে সঁচা বা মিছা বুলি মানিবলৈ টান পায়। নেতাৰ মুখৰ কথা শুনি ৰাইজ এতিয়া প্ৰত্যয় নাযায়, শংকিত হয়। আৰু কেতিয়াবা নেতাৰ মুখৰ কথা শুনি হাঁহে। কোনে কি কাৰণত কি কথা কৈছে ৰাইজেও বুজে। মুখ খুলি নক’লেও ৰাইজে এতিয়া নিজৰ মাজতে নিজেই পাতে- দেখিছা, এওঁ কয় কি। নেতাই পিছে নিৰ্বাচন আহিলে এনেকুৱা কথা ক’বই। নেতাৰ মুখত লেকাম লগোৱাৰ শক্তি কাৰ? কিন্তু কোনে কি কাৰণত কৈছে সেয়া ৰাইজেই কৰিব লাগিব বিচাৰ।

The post কাৰ মুখত কোনে দিব সোপা? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FRLQiG
via IFTTT

Comments