ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ মেচত ইনিংছ ব্যৱধানত জয়ী ঘৰুৱা দল অসম
ডিজিটেল বাৰ্তা, গুৱাহাটীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অসম-হাৰিয়ানাৰ মাজত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ মেচখনত ইনিংছ ব্যৱধানত জয়ী হয় ঘৰুৱা দল অসম। প্ৰথম ইনিংছত অসমে কৰা ৩১০ ৰানৰ প্ৰত্যুত্তৰত আলহী দলটোৱে ঘৰুৱা বলাৰৰ আগত তিষ্ঠিব নোৱাৰি প্ৰথম ইনিংছত মাত্ৰ ৯৭ ৰান আৰু দ্বিতীয় ইনিংছত ১৭৮ ৰানত অল আউট হয়।
উল্লেখ্য যে হাৰিয়ানাই ফল’অন খোৱাত অসমে পুনৰ আলহী দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। বেটিঙৰ আমন্ত্ৰণ পাই হাৰিয়ানাই প্ৰথম ইনিংছৰ ব্যৰ্থতাক পাহৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰে যদিও পুনৰ দলটোক বেকফুটলৈ ঠেলি দিয়ে অৰূপ দাসে। অৰূপৰ বলিঙৰ আগত তিষ্ঠিব নোৱাৰি পুনৰ তাচপাতৰ দৰে খহে হাৰিয়ানাৰ উইকেট।
The post ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ মেচত ইনিংছ ব্যৱধানত জয়ী ঘৰুৱা দল অসম appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2DPNBds
via IFTTT
Comments
Post a Comment