আন্দোলন সফল, মহাৰাষ্ট্ৰত মাৰাঠাসকলে লাভ কৰিলে ১৬ শতাংশ আসন সংৰক্ষণ

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত এতিয়াৰে পৰা মাৰাঠাসকলে চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত লাভ কৰিব ১৬ শতাংশ সংৰক্ষণ। দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত মাৰাঠাসকলৰ সংৰক্ষণৰ দাবী মানি লোৱাৰ অন্তত বৃহস্পতিবাৰে এই সংক্ৰান্তীয় এখন বিধেয়ক মহাৰাষ্ট্ৰ বিধানসভাত সৰ্বসন্মতভাৱে গৃহীত হয়।
বিধেয়কখন সৰ্বসন্মতভাৱে গৃহীত হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যখনৰ মাৰাঠা অধ্যুষিত অঞ্চলসমূহত দেখা গৈছে আনন্দৰ জোৱাৰ। উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যখনত তীব্ৰতৰ হৈ পৰিছিল মাৰাঠাসকলৰ সংৰক্ষণৰ দাবী আন্দোলন।
এই আন্দোলনে জুলাই আৰু আগষ্ট মাহত হিংসাত্মক ৰূপ ধাৰণ কৰে। এজনে আত্মহত্যা কৰাৰ লগতে আন এজন আন্দোলনকাৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ পিছতে দেৱেন্দ্ৰ ফড়নবিছ চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
মাৰাঠা সংগঠনসমূহৰ নেতৃত্বক দিয়া উক্ত আশ্বাস অনুযায়ী ৰাজ্যখনৰ বিজেপি চৰকাৰখনে আজি সেয়া কাৰ্যকৰী কৰে। ইয়াৰ ফলত চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনত সংৰক্ষণ ৬৮ শতাংশ পৰ্যন্ত বৃদ্ধি পায়।
বৃহস্পতিবাৰৰ আগলৈকে ৰাজ্যখনত ৫২ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও মাৰাঠাসকলকো সামৰি লৈ ১৬ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে।
The post আন্দোলন সফল, মহাৰাষ্ট্ৰত মাৰাঠাসকলে লাভ কৰিলে ১৬ শতাংশ আসন সংৰক্ষণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FPlUUS
via IFTTT
Comments
Post a Comment