বিশিষ্ট শিল্পী গোলক বৰ্মনৰ আকস্মিক বিয়োগত নলবাৰীত শোকৰ ছাঁ

ডিজিটেল সংবাদ, নলবাৰীঃ বিশিষ্ট শিল্পী গোলক বৰ্মন আৰু নাই। বৃহস্পতিবাৰে নিশা নলবাৰী ৰাস মহোৎসৱৰ মূল মঞ্চত গীত পৰিবেশন কৰা অনাতাঁৰ শিল্পীগৰাকীৰ আজি পুৱাৰ ভাগতে আকস্মিক বিয়োগ ঘটে। নলবাৰী মালিকুছি নিবাসী উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ মুখ্য কাৰ্যালয় অধীক্ষক বৰ্মনৰ অকাল বিয়োগত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।
সাংস্কৃতিক, সামাজিক, ক্ৰীড়া জগতৰ লগত সততে জড়িত হৈ থকা গোলক বৰ্মনে বৃহস্পতিবাৰে পুৱা কৰ্মথলী ৰঙিয়ালৈ গৈ থকা অৱস্থাতে গা বেয়া লগাত চালকজনে আদবাটৰ পৰা ঘুৰাই আনি নলবাৰী চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় । কিন্তু কিছু সময় পিচতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অল ইণ্ডিয়া ৰেডিঅ’ৰ স্বীকৃতিপ্ৰাপ্ত সংগীত শিল্পী গোলক বৰ্মনে শিশু কালৰ পৰাই সংগীত জগতত প্ৰৱেশ কৰিছিল। এসময়ত তেওঁ নলবাৰী কলেজৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল। ১৯৭৭-৭৮ চনত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক নিৰ্বাচিত হৈছিল।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ জন্মলগ্নৰ পৰা আগশাৰীৰ নেতা বৰ্মন নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ আজীৱন সভ্য থকাৰ লগতে দেৱদাস সোঁৱৰণী সংগীত সন্ধিয়াৰ কেইবাবছৰ ধৰি সম্পাদকৰ দায়িত্বত আছিল।তেওঁ মালিকুছিৰ ত্ৰিনয়ন মন্দিৰ, নলবাৰী কলেজ চ’ক দুৰ্গা পূজা আদিৰ লগতো জৰিত আছিল। নলবাৰীত চলি থকা ৰাস মহোৎসৱৰ সাংস্কৃতিক বিভাগৰ যাবতীয় কাম কাজত ব্যস্ত হৈ থকা বৰ্মনে যোৱা নিশাও মঞ্চত গান গায়।
মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুগৰাকী কন্যাক ইহসংসাৰত এৰি যায়। । বিশিষ্ট শিল্পী গোলক বৰ্মনৰ অকাল বিয়োগত নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতি, নলবাৰী নাট্য মন্দিৰ সমিতি,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি,নলবাৰী জিলা ছাত্ৰ সন্থা, দেৱদাস সোঁৱৰণী সংগীত সন্ধিয়া সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
The post বিশিষ্ট শিল্পী গোলক বৰ্মনৰ আকস্মিক বিয়োগত নলবাৰীত শোকৰ ছাঁ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q4X4oz
via IFTTT
Comments
Post a Comment