৪ ডিচেম্বৰলৈ স্থগিত নাৰ্ছ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী
- ৯টা দাবীৰ ৫টাত সন্মতি জনোৱাৰ বাবে ৪ ডিচেম্বৰলৈকে স্থগিত সদৌ অসম নাৰ্ছ সন্থাৰ ধৰ্মঘট।
- আজি দিনৰ ২ বজাৰ পৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে আন্দোলন।
- চৰকাৰৰ আশ্বাসৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত।
- যদি ৪ ডিচেম্বৰলৈকে কোনো সিদ্ধান্ত দিব নোৱাৰে তেন্তে ৫ ডিচেম্বৰত পুনৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা ৷
- আজি এক সংবাদমেল পাতি সদৌ অসম নাৰ্ছ সন্থাৰ ঘোষণা ৷
- এতিয়াও চৰকাৰে তেওঁলোকৰ মূল দাবী মানি লোৱা নাই ।
- স্বাস্থ্য বিভাগে তেওঁলোকৰ সমস্যাৰ ওপৰত ৪ ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ।
- আজি সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয় যে বুধবাৰে নাৰ্ছ সন্থাৰ প্রতিনিধিবৰ্গই স্বাস্থ্য বিভাগৰ শীর্ষ বিভাগৰ লগত এই আলোচনাত মিলিত হৈছিল ।
- ন্যায্য প্ৰাপ্তিৰ দাবীত এই আন্দোলন ।
- ২৬ নৱেম্বৰৰ পৰা চলিছিল এই আন্দোলন ।
- বহুবাৰ চৰকাৰক অনুৰোধ জনোৱা হৈছিল, কিন্তু কোনো কথা নুশুনিলে ।
- এটা পদত দুগৰাকীৰ দৰমহা হ’ব নালাগে বুলি বাৰেপতি অনুৰোধ জনোৱা হৈছিল, কথা দি কথা নাৰাখে ।
- কালি আলোচনাৰ বাবে মাতি মন্ত্ৰী নিজে অনুপস্থিত।
- মুখ্য সচিবকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত আলোচনা হৈছিল, এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা।
- এটা পদৰ বিপৰীতে এগৰাকীৰ দৰমহা হ’ব লাগে বুলি আলোচনাকালত বিষয়াসকলে কয়।
- ৭,৪০০টকা গ্ৰেড পে’ দিয়া হ’ব বুলি আলোচনা হৈছিল আৰু এক প্ৰকাৰৰ আশ্বাস দিছিল।
- যিখিনি দিছিল তাত সন্তুষ্ট নহয় এওঁলোক।
- ভবিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
- চৰকাৰক সকিয়নী- নাৰীসকলক লৈ হেতালি নেখেলিব।
- ছাৰ্ভিচ ৰ’ল অব্ ষ্টাফ নাৰ্ছ প্ৰযোজ্য কৰাৰ দাবী।
- চৰকাৰে প্ৰকাশ কৰাৰ আশ্বাস দিছে।
- অসমৰ চিকিৎসালয়সমূহত কিমান ৰোগীৰ বিপৰীতে কেইগৰাকী নাৰ্ছ থাকিব লাগে তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই।
- ৬০জন ৰোগীৰ বিপৰীতে এগৰাকী নাৰ্ছ থকাৰ বাবে শাৰীৰিক-মানসিকভাৱে ভাগি পৰিছে।
- জনসাধাৰণলৈ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে এই কথা ঘোষণা কৰা হৈছে।
- সংবাদ মাধ্যমৰ আগত সভানেত্ৰীয়ে পদত্যাগ কৰিলে নহ’ব, কৰ্ণধাৰ সমিতিক পদত্যাগ-পত্ৰ দিব লাগিব।
- তেওঁ অসুস্থ বুলি খবৰ দিছে সেয়ে সংবাদমেলত উপস্থিত থাকিব নোৱাৰিলে বুলি জনায়।
- নাৰ্ছ সন্থাৰ মাজত বিভাজন অনাৰ বাবে চৰকাৰৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকাৰ।
- প্ৰশাসনৰ ফালৰ পৰা ভয়-ভীতি প্ৰদৰ্শন কৰা হৈছে সন্থাৰ নাৰ্ছক।
- আন্দোলনৰ বাবে নাৰ্ছৰ কি গতি হৈছে অনুভৱ কৰিব পাৰিছে নাৰ্ছসকলে।
- সংবাদ মাধ্যমৰ আগত স্বাস্থ্য বিভাগৰ মন্ত্ৰীয়ে স্বাস্থ্য বিভাগ সুচাৰূপে চলাই আছে বুলি মিছা আৰু ভুৱা প্ৰচাৰ চলাই আছে বুলি সম্পাদকে কয় ।
- সভানেত্ৰীক চৰকাৰী পক্ষই হেঁচা দিছে বুলি অভিযোগ নাৰ্ছ সন্থাৰ ।
- সভানেত্ৰীৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ তোলে সাধাৰণ সম্পাদিকাই ।
- নিলীমা শইকীয়া আৰু মঞ্জু শইকীয়া উপস্থিত আছিল সভানেত্ৰীৰ লগত ।
- প্ৰাপ্য দাবী নাপালে আন্দোলন চলাই নিয়াৰ হুংকাৰ ।
- নিজৰ ন্যায্য পোৱাৰ বাবে চলাই নিব আন্দোলন ।
- সেই আলোচনাত নাৰ্ছসকলে উত্থাপন কৰিছিল ৯টা মূল দাবী ।
- তাৰ ভিতৰত চৰকাৰী পক্ষই ৫টা দাবীৰ প্ৰতি সন্মান জনাইছে ।
- কিন্তু মূল দাবী এতিয়াও মানি লোৱা নাই বুলি উল্লেখ কৰে সংবাদমেলত ।
- সংবাদমেলখনত উপস্থিত থাকে সম্পাদিকা জুনু চুতীয়া দিহিঙীয়া ।
The post ৪ ডিচেম্বৰলৈ স্থগিত নাৰ্ছ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2P5s6Yh
via IFTTT
Comments
Post a Comment