কেৰালা-চেন্নাইয়ান এফচিৰ মেচ ড্র

ডিজিটেল ডেস্কঃ চলিত পঞ্চম হিৰাে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ফুটবল প্রতিযােগিতাৰ আজি চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হােৱা মেচত ঘৰুৱা দল চেন্নাইয়ান এফ চি মুখামুখি হয় কেৰালা ব্লাষ্টাৰ্ছ এফ চি দলৰ বিৰুদ্ধে। ছাউথার্ণ ডার্বিৰ মেচখন গলশূণ্য ড্র হয় আৰু উভয় দলেই এক পইণ্টকৈ ভগাই লয়।

মেচৰ প্রথমার্ধৰ খেলে উভয় দলৰ সমর্থকক হতাশ কৰে। ঘৰুৱা দল চেন্নাইয়ানে গ’ল কৰাৰ বাবে চেষ্টা কৰে যদিও অন্তিম ক্ষণত স্ট্রাইকাৰৰ দুর্বল ফিনিন্সিঙৰ বাবে গ’ল কৰাত সফলতা নাপালে। জেজে দুর্বল ফর্ম চেন্নাইয়ানৰ আশাত চেচাপানী ঢালে। ইফালে, কেৰালা দলৰাে চাপ-হতাশাৰ প্রতিচ্ছৱি মেচৰ প্রথমার্ধৰ খেলত স্পষ্ট ৰূপত প্রতিফলিত হয়।

দ্বিতীয়ার্ধৰ খেলতাে একেই পৰিবেশ দেখা যায় খেলপথাৰত। উল্লেখ্য যে উভয় দলে নিজৰ অন্তিম মেচত পৰাজয়ৰ সন্মুখীন হৈ চাপৰ মাজত পৰি আজিৰ খেলত অংশ লয়। কেৰালা ব্লাষ্টাৰ্ছ দল গুৱাহাটীত পৰাস্ত হােৱাৰ বিপৰীতে চেন্নাইয়ান এফ চি জামছেদপুৰত বিফলতাৰ সন্মুখীন হৈছিল।

উল্লেখ্য যে উভয় দলেই আজি লীগত নিজৰ নৱম মেচখন খেলিলে। তদুপৰি প্রথম লেগৰ অন্তিম মেচত অংশ ল’লে কেৰালা আৰু চেন্নাইয়ানে। নখন মেচৰ পৰা আঠ পইণ্ট লাভ কৰিছে কেৰালাই। বিপৰীতে সমসংখ্যক মেচ খেলি বিগত বৰ্ষৰ চেম্পিয়ন চেন্নাইয়ান দলে পাঁচ পইণ্ট অর্জন কৰিছে।

কেৰালা ব্লাষ্টাছে লীগৰ পৰৱৰ্তী মেচখন ঘৰত খেলিব। অহা চাৰি ডিচেম্বৰত কোচিৰ জৱাহৰলাল | নেহৰু ষ্টেডিয়ামত হ’বলগা মেচত কেৰালা মুখামুখি হ’ব জামছেদপুৰৰ বিৰুদ্ধে। স্মর্তব্য যে এয়া দ্বিতীয় লেগৰ মেচ। ইয়াৰপূর্বে জামছেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্রকল্পৰ ষ্টেডিয়ামত অনুষ্ঠিত হােৱা প্রথম লেগৰ মেচত কেৰালা-জামছেদপুৰে ২-২ ত ড্র খেলিছিল।।

ইফালে, চেন্নাইয়ান এফ চিয়েও লীগৰ পৰৱর্তী মেচখন গৃহভূমিত খেলিব। অহা দুইডিচেম্বৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা মেচত চেন্নাইয়ান দল মুখামুখি হ’ব এ টি কে দলৰ বিৰুদ্ধে। উভয় দলৰ বাবে এয়া দ্বিতীয় লেগৰ মেচ। ইয়াৰপূর্বে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত হােৱা প্রথম লেগৰ মেচত এ টি কে ২-১ত হৰুৱাই চেন্নাইয়ানক।

The post কেৰালা-চেন্নাইয়ান এফচিৰ মেচ ড্র appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2Qu9Dcz
via IFTTT

Comments