৪১ যুৱক-যুৱতীৰ মুখত হাঁহি! মৰাণত ‘চিটি লাইফ’ৰ পদাৰ্পণ

ডিজিটেল সংবাদ, মৰাণঃ বৃহত্তৰ মৰাণবাসী ৰাইজৰ বাবে সুখবৰ। মৰাণৰ ৰাইজে তেওঁলোকৰ নিত্য প্ৰয়োজনীয় সাজপাৰ বিচাৰি আৰু যাব নালাগে আন আন ডাঙৰ চহৰলৈ। কাৰণ গৃহ নগৰ, মৰাণ নগৰতে ক্ৰয় কৰিব পাৰিব প্ৰয়োজনীয় সকলো ধৰণৰ সাজপাৰ। শ্বপিং মল ‘চিটি লাইফে’ এই সুখবৰ আনিছে মৰাণবাসীলৈ।

আনুষ্ঠানিক হিচাপে চলিত বৰ্ষৰ ১ ডিচেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব এই বজাৰখন। চিটি লাইফ কোম্পানী বজাৰখন মৰাণত স্থাপন কৰাত মৰাণৰ ৪১ গৰাকী দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন পোৱাত ৪১টা দৰিদ্ৰ পৰিয়াল উপকৃত হ’ব।

এই কোম্পানীটোৰ অন্তৰ্গত সমগ্ৰ ভাৰততে মৰাণক সংযোগ কৰি মুঠ ১১৪খন বজাৰ স্থাপন কৰিছে আৰু দেশখনৰ সৰ্বমুঠ ৫৫ হাজাৰ শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপন দিছে বুলি সংবাদ মেলত কয় কোম্পানীটোৰ মুখ্য পৰিচালক ৰাম কৃষ্ণ সিঙে।

The post ৪১ যুৱক-যুৱতীৰ মুখত হাঁহি! মৰাণত ‘চিটি লাইফ’ৰ পদাৰ্পণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P5XnKt
via IFTTT

Comments