বিশেষ মুহূৰ্ত ৰাষ্ট্ৰপতি কোবিন্দৰ গুৱাহাটী ভ্ৰমণৰ

মহানগৰ প্ৰতিবেদক, ২৯ নৱেম্বৰঃ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কালি আহি উপস্থিত হোৱা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আজি গুৱাহাটীৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গুৱাহাটী এয়াৰফ’ৰ্চ ষ্টেচনত এয়াৰ ডিফেন্স কলেজত ১১৮ ইউনিটত পদক প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে ভাৰত দ্ৰুত গতিৰে আগবাঢ়িব ধৰিছে। বিশ্বত ভাৰত এতিয়া শক্তিশালী দেশলৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি ৰামনাথ কোৱিন্দে লগতে কয় যে ভাৰতৰ নাগৰিকে বিচাৰে শান্তি, সমন্বয় আৰু ভাতৃত্ববোধ। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যৱসায়-বাণিজ্যৰ লগতে পৰিৱেশ সংৰক্ষণত ভাৰতে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। সামৰিক পোছাকত দেশখনৰ পুৰুষ-নাৰী উভয়ে শত্ৰুৰ ভাবুকিক ওফৰাই দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে যিদৰে প্ৰস্তুত তেনেদৰে দেশ তথা বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা দৃঢ় প্ৰতিজ্ঞ। শত্ৰুৰ ভাবুকি আৰু ৰঙা চকু অনায়াসে প্ৰতিহত কৰি দেশৰ আভ্যন্তৰীণ সুৰক্ষা ৰক্ষা কৰিবলৈ সকলো সাজু। দেশৰ নিৰাপত্তাৰক্ষী আৰু আকাশ মণ্ডলৰ যোদ্ধাসকলে শত্ৰুক নিঃশেষ কৰাৰ বাবে সৰ্বক্ষণে প্ৰস্তুত। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমলৈ ভ্ৰমণ কৰিবলৈ আহি নথৈ আনন্দিত হোৱা বুলিও উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসম ভ্ৰমণ কৰি তেওঁ নথৈ আনন্দিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানতেই শেহতীয়াকৈ তেওঁ অষ্ট্ৰেলিয়া আৰু ভিয়েটনাম ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োখন দেশৰ লগত সম্পৰ্ক বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত এতিয়া বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেনাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। উল্লেখ্য যে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ লগতে উপস্থিত আছিল অসমৰ ৰাজ্যপাল-প্ৰফেচাৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এয়াৰ চিফ মাৰ্চেল বিৰেন্দ্ৰ সিং ধনোৱা। উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি গুৱাহাটীৰ পৰা দিল্লী মুখে ৰাওনা হয়।

The post বিশেষ মুহূৰ্ত ৰাষ্ট্ৰপতি কোবিন্দৰ গুৱাহাটী ভ্ৰমণৰ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2PabsH5
via IFTTT

Comments