অৰুণাচলৰ চীন সীমান্তত মৰ্টাৰ বিস্ফোৰিত হৈ ৩ শিশুৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ এখন প্ৰত্যন্ত গাওঁ৷ নাম চিৰাং গাওঁ৷ ভাৰত-চীন সীমান্তৰ হায়ুলিয়াং ৰাজহ চক্ৰৰ অধীনৰ এই গাওঁখনত যোৱা শনিবাৰে পূৰ্বে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা৷

গাওঁখনৰ বাটিংচো ক্ৰং নামৰ ব্যক্তিজনৰ ঘৰত সেনা বাহিনীয়ে গাওঁখনৰ কাষৰ নাৰা টিডিং ফায়াৰিং ৰেঞ্জত পূৰ্বে অনুশীলনৰ সময়ত বিস্ফোৰণ ঘটোৱা মৰ্টাৰৰ অবশিষ্ট বুলি ভাবি নিজৰ ঘৰলৈ সেয়া লৈ আনিছিল। দুৰ্ভাগ্যক্ৰমে তেনে মৰ্টাৰৰ এটা বিস্ফোৰিত হৈ কৰণ মৃত্যুক সাবটি লয় তিনিটিকৈ কণমানিয়ে৷

ঘটনাৰ এদিনৰ পাছতে মুখ্যমন্ত্ৰী পেমা খান্দুৰ নিৰ্দেশত কৃষি মন্ত্ৰী মহেশ ছাই আৰু হায়ুলিয়াঙৰ বিধায়িকা ডাচাং লু পুলে ঘটনাস্থলী পৰিদৰ্শন কৰে৷ মন্ত্ৰী মহেশ ছায়ে তেওঁৰ ভ্ৰমণকালত জানিব পাৰে যে সেনা বাহিনীয়ে কেইবা বছৰ পূৰ্বে ফায়াৰিং ৰেঞ্জত মৰ্টাৰ বিস্ফোৰণৰ অনুশীলন কৰিছিল।

একাংশ গাওঁবাসীয়ে মৰ্টাৰৰ অৱশিষ্ট অংশ সংগ্ৰহ কৰি তাত থকা ধাতু বিক্ৰী কৰিবলৈ নিজ নিজ ঘৰত গোটাই ৰাখিছিল৷ মৰ্টাৰত ব্যৱহাৰ কৰা পিতলৰ টুকুৰা এটাৰ বাবেই এনেদৰে মৰ্টাৰৰ অৱশিষ্ট টুকুৰা ঘৰলৈ আনিছিল৷ কিন্তু তাৰ মাজত বহু নুফুটা মৰ্টাৰো আছিল৷

মন্ত্ৰী মহেশ ছাইৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে গাওঁখনত সজীৱ মৰ্টাৰৰ সন্ধানত তালাচী চলাই ২০টাৰো অধিক জীৱন্ত মৰ্টাৰ উদ্ধাৰ কৰে আৰু জব্দ কৰে৷ এক কথাত বহু ভয়াৱহ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে গাওঁখনৰ বহুকেইটা ঘৰ৷ শনিবাৰৰ ঘটনাটোত আমিশা ক্ৰং (১০), ৰিয়া ক্ৰং (৮)  আৰু য়ুমাং ক্ৰং নামৰ শিশুকেইটি থিতাতে নিহত হয়।

The post অৰুণাচলৰ চীন সীমান্তত মৰ্টাৰ বিস্ফোৰিত হৈ ৩ শিশুৰ কৰুণ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BFWTap
via IFTTT

Comments