১ মিনিটত ২৫ খবৰ…

১. গুজৰাটৰ সীমা সুৰক্ষা বলে আটক কৰিছে দুজন পাকিস্তানৰ নাৱৰীয়াক। কুটছৰ নাল্লাহ এলেকাত আটক কৰা হয় দুয়োকে।
২. ‘শপতগ্ৰহণ কৰা সকলোলৈ মোৰ অভিনন্দন। আমি একেলগে মিলি ভাৰতক আগুৱাই নিব লাগিব।’- শপতগ্ৰহণৰ পাছত এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।
৩. দিল্লীৰ ৰামলাল আনন্দ কলেজৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। উৎকৰ্ষ শৰ্মা নামৰ ছাত্ৰজনৰ মৃতদেহ নিজ বাসগৃহত উদ্ধাৰ। এয়া হত্যা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
৪. বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীৰ গৃহজিলাৰ ভাদনগৰত স্থানীয় ৰাইজৰ নৃত্য-গীতেৰে আনন্দ-উল্লাস।
৫. বিশ্বকাপৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ইংলেণ্ডৰ ছাথাম্পটনত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ অনুশীলন আৰম্ভ।
৬. জম্মু-কাশ্মীৰৰ ছপৰে এলেকাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী।
৭. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে বৃহস্পতিবাৰে সাক্ষাৎ কৰে ৰাহুল গান্ধীক। দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
৮. ‘আমাৰ দেশৰ দায়িত্ব দুখন সুন্দৰ হাতত অৰ্পণ কৰা হৈছে। মই আজি ইয়াত উপস্থিত থাকিবলৈ পাই বহুত সুখী।’- ৰাষ্ট্ৰীয়ভৱনত উপস্থিত হৈ এই মন্তব্য অভিনেতা জীতেন্দ্ৰৰ।
৯. বৃহস্পতিবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰে এন চি পি নেতা সৰদ পাৱাৰক। পাৱাৰৰ দিল্লীস্থিত বাসগৃহত মিলিত হয় দুয়োগৰাকী ৰাজনৈতিক নেতা।
১০. ভাৰতৰ পৰা পলায়ন কৰা নীৰৱ মোডীক ২৭ জুনলৈ ৰখা হ’ব জিম্মাত। অহা ২৯ জুলাইত গ্ৰহণ কৰা অহা শুনানি। লণ্ডন কৰ্টে দিয়ে এই নিৰ্দেশ।
১১. লক্ষ্ণৌত বৃহস্পতিবাৰে ৪৪ ডিগ্ৰী চেলচিয়াচলৈ বৃদ্ধি উষ্ণতা। গৰমৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ।
১২. আমেৰিকাৰ এল ছেলভেদৰ জোঁকাৰি গ’ল ৬.৬ প্ৰাবল্যৰ ভূমিকম্পই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।
১৩. ‘মই আজি বহুত সুখী। মই ভাবিছিলো যে মোক ফোন কৰিব।’- ৰাষ্ট্ৰপতিভৱনত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰা দেৱাশ্ৰী চৌধাৰীয়ে শপতগ্ৰহণৰ পূৰ্বে কৰে এই মন্তব্য।
১৪. বৃহস্পতিবাৰে ওড়িশ্যাত নৱনিৰ্বাচিত বিধায়কসকলে লয় শপতগ্ৰহণ। ভূৱনেশ্বৰত শপত লয় আটাইকেইজন বিধায়কে।
১৫. যোৱা ডেৰমাহত ত্ৰিপুৰাত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই তথ্য সদৰি কৰে ত্ৰিপুৰা আৰক্ষীয়ে।
১৬. ‘বুজাবুজিৰ মাজেৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশক উন্নতিৰ দিশত আগুৱাই নিব লাগিব।’- এই মন্তব্য অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ।
১৭. ৩০ মে’ৰ পৰা আৰম্ভ ক্ৰিকেট ৱৰ্ল্ড কাপ-২০১৯। ৱৰ্ল্ড কাপৰ প্ৰতি লক্ষ্য ৰাখি গুগ’লেও সলনি কৰিলে নিজৰ ডুড’ল।
১৮. ১৪ ফেব্ৰুৱাৰীত পুলৱামা আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱান সুদীপ বিশ্বাসৰ পৰিয়ালে বৃহস্পতিবাৰ উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত।
১৯. ‘মোডীজীয়ে দেশৰ উন্নতিৰ বাবে বহু পৰিকল্পনা কৰি থৈছে। আৰু আমি তেওঁৰ এই পৰিকল্পনাৰ আধাৰত কামবোৰ কৰি যাম দেশৰ উন্নতিৰ বাবে।’- এই মন্তব্য বিজেপি সাংসদ হেমা মালিনীৰ।
২০. মুম্বাইৰ থানে জিলাত বিধ্বংসী অগ্নিকাণ্ড। এটা ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাত নিৰ্বাপিত জুই।
২১. ৩ জুনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত। এই কথা ঘোষণা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।
২২. শ্বাহিদ কাপুৰৰ নতুন ছবি ‘কবিৰ খান’ মুক্তি ২১ জুনত। ছবিখন দৰ্শকে আগ্ৰহেৰে আকোৱালি ল’ব বুলি আশাবাদী শ্বাহিদ কাপুৰ আৰু ছবিখনৰ পৰিচালক সন্দিপ ভাংগা।
২৩. বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ নৰেন্দ্ৰ মোডীৰ। শপতগ্ৰহণৰ কৰা পূৰ্বে মহাত্মা গান্ধী, বাজপেয়ী আৰু শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনায় মোদীয়ে।
২৪. অন্ধ্ৰপ্ৰদেশৰ ত্ৰিবাল বালিকা আশ্ৰমৰ সমীপত আৰক্ষীয়ে নিষ্ক্ৰীয় কৰে ৪টা আই ই ডি। মাওবাদীয়ে পুতি থোৱা এই আইইডি কেইটাৰ প্ৰতিটাৰো ওজন প্ৰায় ১০ কেজি।
২৫. গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ থকা সময়ত এছ টি এফে আটক কৰে দুৰ্ধৰ্ষ গাড়ী চোৰ এটাক। ধৃত গাড়ী চোৰটোৰ নাম অজয় কলিতা বুলি জানিব পৰা গৈছে।
The post ১ মিনিটত ২৫ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Kd4hPr
via IFTTT
Comments
Post a Comment