তামুলপুৰৰ কুমাৰীকাটাত অসহায় বৃদ্ধ উদ্ধাৰ…

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বজাৰ চকত এগৰাকী অসহায় বৃদ্ধক উদ্ধাৰ কৰে স্থানীয় ৰাইজে। জানিব পৰামতে বৃহস্পতিবাৰে পুৱাৰে পৰা এগৰাকী অ বৃদ্ধই এখন ব্যৱসায় প্ৰতিস্থানৰ বাৰাণ্ডাত বহু পৰ ধৰি বহি থকাত ব্যৱসায় প্ৰতিস্থান খনৰ গৰাকীয়ে সন্দেহ হোৱাত সোধপোচ কৰাত বৃদ্ধ গৰাকীয়ে ওদালগুৰি জিলা সোনাৰী পাৰা গাওঁৰ ৰঘুনাথ হৰিজন (৮০) বুলি জানিব দিয়ে।

পিছত ব্যৱসায় খনৰ দোকানী জনে বৃদ্ধ গৰাকীৰ লগত থকা এখন বেগ পৰীক্ষা কৰোতে তেওঁৰ বস্ত্ৰ, ভোটাৰ কাৰ্ড, ওদালগুৰি শাখা ভাৰতীয় ষ্টেট বেঙ্ক একাউণ্ট, এটল অৰ্মিত কাৰ্ড আদি পায় আৰু স্থানীয় লোক আৰু কুমাৰীকাটা আৰক্ষীক চকীত খৱৰ দিয়ে। খৱৰ পোৱা মাত্ৰকে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজিৰ, তামুলপুৰ স্থানীয় সংবাদকৰ্মী ৰমেন দাস আৰু অভিজিৎ তালুকদাৰৰ সহযোগত বৃদ্ধ গৰাকীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায়।

পিছত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ওদালগুৰি জিলাৰ আৰক্ষীৰ লগত বৃদ্ধ জনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাৰ কাৰণে যোগাযোগ কৰে। বাতৰি লিখা পৰালৈকে বৃদ্ধগৰাকীৰ প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই আৰু কেনেকৈ তামুলপুৰ মহকুমাৰ কুমাৰীকাটালৈ আহিল জানিব পৰা হোৱা নাই।

The post তামুলপুৰৰ কুমাৰীকাটাত অসহায় বৃদ্ধ উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2I6H1jo
via IFTTT

Comments