কণ্ঠ শিল্পী অণিমা চৌধুৰীক জীৱনজোৰা সাধনা বঁটা প্ৰদান, নলবাৰীৰ নিজ পকোৱাত ‘বসন্তৰ এদিন’
ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী, ২৯ মে : বিশিষ্ট কণ্ঠশিল্পী ডঃ অণিমা চৌধুৰীক মঙলবাৰে প্ৰদান কৰা হয় ভৱেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা। নলবাৰী জিলাৰ নিজ পকোৱাবাসীৰ উদ্যোগত স্থানীয় পকোৱা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত ‘বসন্তৰ এদিন’ শীৰ্ষক এক অনুষ্ঠানত কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়োৱা হয় এনে সন্মান। অসমীয়া মেল’ডী সংগীতৰ স্বৰ্ণিল ধাৰাক এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰা প্ৰসিদ্ধ শিল্পীগৰাকীৰ জন্মস্থান নিজপকোৱা গাঁৱত উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। উক্ত বঁটাত আছে গামোচা, শৰাই, জাপি, চেলেং চাদৰ, স্মাৰক, সম্বৰ্দ্ধনা-পত্ৰ আৰু নগদ ধন।
ইপিনে বিশিষ্ট কণ্ঠশিল্পীগৰাকীক উক্ত অনুষ্ঠানতে অঞ্চলটোৰ কেইবাজনো শুভাকাংক্ষীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। মুনীন্দ্ৰ মল্ল বৰুৱা-জমিৰুদ্দিন আহমদ সোঁৱৰণী মঞ্চত উদ্যাপন সমিতিৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু ডাঃ সমুজ্জ্বল ভৰদ্বাজে আঁত ধৰা অনুষ্ঠানটোত বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে মানুহে বঁটা-বাহন, সম্বৰ্দ্ধনা লাভ কৰি নতুন জীৱনত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰে। ভাষণত ডঃ ভট্টাচাৰ্যই বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ অতি জনপ্ৰিয় গীতসমূহৰ বিষয়েও উল্লেখ কৰে।
অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে সংগীত এনেকুৱা এটা চিকিৎসা, যাৰ লগত কোনো চিকিৎসাৰে তুলনা নহয়। গানে যিকোনো বেমাৰে ভাল কৰিব পাৰে বুলি মন্তব্য কৰা উপায়ুক্তগৰাকীয়ে বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ সংগীতৰ মাধুৰ্যতাৰ ওপৰতো বক্তব্য আগবঢ়ায়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ডঃ অনুৰাধা শৰ্মাই প্ৰয়াত অভিনেতা, নাট্যকাৰ মহানন্দ শৰ্মা আৰু ভৱেন বৰুৱাই নাট্যজগতখনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি বঁটাপ্ৰাপক কণ্ঠশিল্পী অণিমা চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য, নলবাৰীৰ নিজপকোৱাত জন্মগ্ৰহণ কৰা বিশিষ্ট নাট্যকাৰ-অভিনেতা ভৱেন বৰুৱা আৰু এই অঞ্চলৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা যশস্বী অভিনেতা মহানন্দ শৰ্মাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যৰে নিজপকোৱাবাসীৰ হৈ ‘বসন্তৰ এদিন’ অনুষ্ঠানৰ লগত জড়িত সদস্যসকলে এই বছৰৰ পৰা ‘ভৱেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা’ প্ৰতিবছৰে ‘বসন্তৰ এদিন’ অনুষ্ঠানত অসমৰ সমাজ-জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুষ্ঠানৰ আৰম্ভণিতে নিজপকোৱা অঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে মুনিন্দ্ৰ মল্ল বৰুৱা, জমিৰুদ্দিন আহমদ, ভৱেন বৰুৱা আৰু মহানন্দ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সমাজসেৱক জিতু ৰয় আৰু গণেশ বৰ্মনে।
বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত নিশা শিল্পী বিপিন চাউদাঙৰ লগতে ৰাজ্যখনৰ ভালেকেইগৰাকী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ‘বসন্তৰ এদিন’ শীৰ্ষক অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নিজপকোৱা অঞ্চলৰ সত্তৰোধৰ্বৰ ৭০গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উদ্যাপন সমিতিৰ সভাপতি বলেন্দ্ৰ মল্ল বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত আৰু কাৰ্যকৰী সভাপতি কুমুদ দত্তই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন। আনহাতে বিয়লিৰ ভাগত জিলাভিত্তিক অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে ডাঃ সমুজ্জ্বল ভৰদ্বাজে।
The post কণ্ঠ শিল্পী অণিমা চৌধুৰীক জীৱনজোৰা সাধনা বঁটা প্ৰদান, নলবাৰীৰ নিজ পকোৱাত ‘বসন্তৰ এদিন’ appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2woXBWm
via IFTTT

Comments
Post a Comment