নতুন চৰকাৰৰ সন্মুখত কেতবোৰ সমস্যা! বিচাৰিব লাগিব সমাধান…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে নৰেন্দ্ৰ দামোদৰভাই মোডীয়ে। তেওঁৰ লগতে আন ৫৭জন মন্ত্ৰীয়েও শপতবাক্য পাঠ কৰে। এইবাৰ অৱশ্যে মোডীৰ নতুন মন্ত্ৰীসভাত বহু কেইটা নতুম নাম অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আনহাতে, বহু কেইজন পুৰণি মন্ত্ৰীৰ নামে এই তালিকাত স্থান পালে।

উল্লেক্য যে, বৃহস্পতিবাৰে ২৪জন কেবিনেট মন্ত্ৰী, ৯জন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু ২৪জন ৰাজ্যিক মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। পুৰণি নামৰ ভিতৰত অৰুণ জেটলী, সুষমা স্বৰাজ, মেনকা গান্ধীৰ দৰে প্রভাৱশালী মন্ত্ৰীসকলৰ নাম নতুন মন্ত্ৰীসভাৰ তালিকাত দেখা পোৱা নগ’ল।

ইফালে, নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে দেশৰ সমস্যাসমূহৰ সৈতে যুঁজ দিয়াৰো সময় আৰম্ভ হৈছে। এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো বিৰোধীয়ে শাসক দলটোৰ বিৰুদ্ধে কেতবোৰ ইছ্যু অৰ্থাৎ সমস্যাক লৈ সমালোচনা কৰিছিল। আৰু এই সমস্যাবোৰে দেশৰ সৰ্বসাধাৰণৰ ওপৰতো বাৰুকৈ প্ৰভাৱ পেলায়। তাৰেই কেইটামান গুৰুত্বপূৰ্ণ সমস্যা, যিবোৰৰ সমাধানৰ বাবে নতুন চৰকাৰখনে যুঁজ দিব লাগিব-

কৃষকৰ সমস্যাঃ

প্ৰধানমন্ত্ৰী মোডীয়ে ২০২২চনলৈ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে। কিন্তু দেশৰ কৃষকসকল নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ পৰা সদায় বঞ্চিত হৈ আহিছে। যোৱা ৫ বছৰত মোডী চৰকাৰৰ বিৰুদ্ধে কৃষক ৰাইজে বহু কেইটা প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ্য যে, ভাৰতৰ প্ৰায় ৫৫-৫৭ শতাংশ লোক খেতিৰ ওপৰত নিৰ্ভৰশীল। গতিকে তেওঁলোকৰ সকলো সা-সুবিধা ব্যৱস্থা কৰা আৰু সমস্যাবোৰৰ সমাধানৰ বাবে আগবাঢ়িব লাগিব প্ৰধানমন্ত্ৰী মোডীৰ নতুন চৰকাৰখন।

নিবনুৱা সমস্যাঃ

আমাৰ দেশত বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যাসমুহৰ ভিতৰত নিবনুৱা সমস্যা অন্যতম। এই সমস্যাৰ সমাধান কৰিবলৈ নতুন উপায় আৰু বিদেশী নিবেশ বৃদ্ধি কৰিব লাগিব। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব নতুন চৰকাৰখনে।

অৰ্থ ব্যৱস্থাক অধিক সবল কৰাঃ

চৰকাৰী তথ্য অনুসৰি, এই বছৰত ৩.৫ শতাংশ তেলৰ আমদানি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, ভাৰতে প্ৰয়োজনীয় তেলৰ ৮০ শতাংশতকৈ অধিক আমদানি কৰিব লগা হয়। ২০১৯ত দেশৰ অৰ্থ ব্যৱস্থাৰ বিকাশৰ হাৰ ৭.২ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস পায়। গতিকে দেশৰ অৰ্থ ব্যৱস্থা শক্তিশালী হ’লেহে দেশৰ উন্নতি সাধন হ’ব আৰু এই দিশত মনোনিবেশ কৰিব লাগিব নতুন চৰকাৰখনে।

কাশ্মীৰ, সন্ত্ৰাসবাদ আৰু পাকিস্তানঃ

প্ৰধানমন্ত্ৰী মোডীয়ে শপতগ্ৰহণ অনুষ্ঠানত পাকিস্তানক নিমন্ত্ৰণ জনোৱা নাই। ইয়াৰ পৰা বুজিব পৰা যায় যে, চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে মোডী চৰকাৰে বিশেষ মিলাপ্ৰীতিৰ ভাব প্ৰকাশ কৰা নাই। ইফালে, প্ৰধানমন্ত্ৰী মোডীয়ে সীমাৰ সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক বাধা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। কিয়নো যি সময়ত প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীয় শপতগ্ৰহণ লৈছিল, সেই সময়তো জম্মু-কাশ্মীৰৰ ছপৰত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত অব্যাহত আছিল। গতিকে এই দিশত বিশেষ গুৰুত্ব সহকাৰে কাম কৰিব লাগিব চৰকাৰে।

The post নতুন চৰকাৰৰ সন্মুখত কেতবোৰ সমস্যা! বিচাৰিব লাগিব সমাধান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WgUU8o
via IFTTT

Comments