বেগুচৰাইত বিজেপি নেতাক হত্যা…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাৰ পাছত এইবাৰ বিহাৰৰ বেগুচৰাই সংঘটিত হৈছে অনুৰূপ ঘটনা। জিলাখনৰ সিংহহোল অঞ্চলত কীৰতপুৰ গাঁৱৰ এজন বিজেপি নেতা বৃহস্পতি বাৰে নিশা দুৰ্বৃত্তই হত্যা কৰে। নিশা ঘৰলৈ আহি থকা অৱস্থাত মুৰত ৰ’দেৰে মৰিয়াই হত্যা কৰা বিজেপি নেতাজনৰ নাম গোপাল সিং। আৰক্ষী নিশাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে আমেঠিত সুৰেন্দ্ৰ সিং নামৰ এজন বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছিল।
The post বেগুচৰাইত বিজেপি নেতাক হত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HKUE8N
via IFTTT
Comments
Post a Comment