চৰকাৰী কাৰ্যালয়ৰ সময়সূচী সলনি, ৯ বজাতে উপস্থিত হ’ব লাগিব সকলো কৰ্মচাৰী…

  • ১ জুলাইৰ পৰা সলনি হ’ব চৰকাৰী কাৰ্যালয়ৰ সময়সূচী।
  • ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহৰ সময়সূচী নতুনকৈ নিৰ্ধাৰণ কৰাৰ চিন্তাচৰ্চা কৰিছে।
  • চৰকাৰে নিৰ্ধাৰিত সময়সূচীমতে ৰাজ্যিক কৰ্মচাৰীসকলৰ কামৰ সময় হ’ব ৯ ঘণ্টা।
  • পহিলা জুলাইৰ পৰা পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে ৯ বজাতে উপস্থিত হ’ব লাগিব কাৰ্যালয়ত।
  • কাৰ্যালয় ছুটী হ’ব ৫ বজাৰ পৰিৱৰ্তে ৬ বজাত।
  • লগতে প্ৰতিটো শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ।
  • দেওবাৰটোকে ধৰি সপ্তাহত দুটাকৈ দিনত বন্ধ থাকিব কাৰ্যালয়সমূহ।
  • কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত প্ৰস্তুত কৰা ফাইলৰ প্ৰস্তাৱটো গৃহীত হ’লেই ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন সময়সূচী।

The post চৰকাৰী কাৰ্যালয়ৰ সময়সূচী সলনি, ৯ বজাতে উপস্থিত হ’ব লাগিব সকলো কৰ্মচাৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30TT3oK
via IFTTT

Comments