কেন্দ্ৰই বন্ধ কৰিব নোৱাৰিব অসমৰ দুই কাগজ-কল : নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলৰ গুৰুত্বপূৰ্ণ ৰায়
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ মে : চৰম দুৰ্ভাৱনাৰ দিন অতিবাহিত কৰিব লগা হোৱা জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকললৈ আহিছে এক আশাৰ ৰেঙনি। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে পূৰ্বতে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিৰ দি শেষমুহূৰ্তত অসমৰ দুটাকৈ কাগজ কলক দেউলীয়া ঘোষণা কৰি বন্ধ কৰিবলৈ ওলোৱাৰ পিছতে জাগীৰোড আৰু কাচাৰ কাগজ কলৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ জীৱনলৈ চৰম অমানিশা নামি অহা পৰিলক্ষিত হৈছিল। লক্ষণীয় যে এই দুটা কাগজ কলৰ উৎপাদন দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে আৰু বছৰ বছৰ ধৰি এই কাগজ কলত কৰ্মৰত কৰ্মচাৰীসকলে এটকাও বেতন লাভ কৰা নাই।
এনেদৰে বছৰ বছৰ ধৰি বিনা বেতনেৰে পেটত গামোচা বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলেও দুয়োটা কাগজ কলক দেউলীয়া ঘোষণা কৰি বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত লৈছিল। চৰকাৰৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে বছৰ বছৰ ধৰি বেতনৰ আশাত থকা নগাঁও কাগজ কলৰ মজুমদাৰ নামৰ এজন শীৰ্ষ বিষয়াই আত্মহননৰ পথো বাছি ল’বলগীয়াত পৰিছিল। কিন্তু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কাগজ কল দুটা বন্ধ কৰি কৰ্মচাৰীসকলক অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিবলৈ যি পৰিকল্পনা প্ৰস্তুত কৰিছিল সেয়া কোনো কাৰণতে বাস্তৱায়িত কৰিব নোৱাৰিব।
কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে বন্ধ কৰিব নোৱাৰিব অসমৰ দুয়োটা কাগজ কল। আজি নেচনেল কোম্পানী ল এ পি নেট ট্ৰিবিউনেল, চমুকৈ এন চি এল এ টিয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। যোৱা চ্ মে’ত নগাঁও আৰু কাচাৰ কাগজ কল নিলাম কৰাৰ নিৰ্দেশক প্ৰত্যাহবান জনাই নেচনেল কোম্পানী ল ট্ৰিবিউনেলৰ কাষ চাপিছিল কাচাৰ পেপাৰ প্ৰজে” ৱাৰ্কাৰ ইউনিয়ন। এই বিষয় সন্দৰ্ভত আজি এন চি এল এ টিৰ ন্যায়াধীশ এছ জে মুখোপাধ্যায়, এ আই এছ ছিমা আৰু কাণ্ঠী নাৰাহৰিৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কাগজ কল দুটা বন্ধ নকৰাৰ নিৰ্দেশ জাৰি কৰে।
লগতে কাগজ কল দুটাৰ বিষয়া-কৰ্মচাৰীক বৰ্খাস্ত নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে কাগজ কল দুটাৰ কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে আজি এন চি এল এ টিয়ে দিয়া নিৰ্দেশ অনুসৰি যদি কেন্দ্ৰীয় চৰকাৰে নিলামেই কৰিব খোজে, তেন্তে বৰ্তমানৰ বিষয়া-কৰ্মচাৰীক লৈ হস্তান্তৰহে কৰিব পাৰিব। লগতে লিকুইডেটৰ কুলদীপ বাৰ্মাক কাগজ কল দুটা পুনৰ উদ্ধাৰ তথা বিষয়া-কৰ্মচাৰীয়ে পাবলগীয়া দৰমহা-ভাত্তা আৰু বিধিসন্মত বকেয়া ধন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে গুৱাহাটীস্থিত দৃষ্টি ফাউণ্ডেচন নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে অসমৰ ৰুগ্ন কাগজ কল দুটাৰ অসহায় বিষয়া-কৰ্মচাৰীক সকলো প্ৰকাৰৰ আইনী সহযোগ আগবঢ়াইছিল। তেনে ক্ষেত্ৰত চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত যি নিলামী প্ৰক্ৰিয়াৰ দ্বাৰা কাগজ কল দুটা ধবংস কৰি হাজাৰ হাজাৰ বিষয়া-কৰ্মচাৰীৰ জীৱনলৈ হেতালি খেলিবলৈ ওলাইছিল সেই ক্ষেত্ৰত প্ৰচণ্ড মুখথেকেচা খালে এন চি এল এ টিৰ আদালতত।
The post কেন্দ্ৰই বন্ধ কৰিব নোৱাৰিব অসমৰ দুই কাগজ-কল : নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলৰ গুৰুত্বপূৰ্ণ ৰায় appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2HJ1yeX
via IFTTT

Comments
Post a Comment