বিদেশী বহিস্কৰণ : আছুৰ আবেদন উচ্চতম ন্যায়ালয়ত অন্তৰ্ভুক্ত

নাগৰিকপঞ্জীৰ দাবী আপত্তি : খৰখেদা নকৰি আইনসন্মতভাৱে ভালকৈ পৰীক্ষা কৰাৰ আহ্বান

নতুন দিল্লী, ৩০ মে’ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিচাৰপীঠে (ভেকেচন বেঞ্চ) অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী, আপত্তিৰ বিষয়ত আইনসন্মতভাৱে খৰখেদা নকৰি ভালকৈ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ সমন্বয়ক প্ৰতীক হাজেলাৰ জৰিয়তে নাগৰিকপঞ্জীত জড়িত সকলো বিষয়া-কৰ্মচাৰীক পৰামৰ্শ দিয়ে। সমন্বয়কক নাগৰিকপঞ্জীৰ লগত জড়িত বিষয়া-কৰ্মচাৰীক এই বিষয়ে অৱগত কৰিবলৈ কয়।

উচ্চতম ন্যায়ালয়ে এই কথাও সমন্বয়কগৰাকীক স্পষ্টভাৱে জনাই দি কয় যে ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ’বই লাগিব। অন্যহাতেদি অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দৰ্শকক দিয়া ‘এমিকাছ’ গৌৰৱ বেনাৰ্জীয়ে বিষয়টোৰ ওপৰত বিশেষকৈ ন্যায়াধিকৰণ গঠনৰ বাবে অসম চৰকাৰে প্ৰথম পৰ্যায়ত ২০০খন ট্ৰিবিউনেল গঠনৰ বিষয়ে উল্লেখ কৰে। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে বিষয়টোৰ ওপৰত কৰি থকা কামৰ খতিয়ান দাঙি ধৰে।

উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হ’ল যে পূৰ্বৰ ১০০খন ট্ৰিবিউনেলৰ ভিতৰত ৭৯খনে কাম কৰি আছে। এতিয়া নতুনকৈ অসম চৰকাৰে ১০০খন ট্ৰিবিউনেল স্থানৰ প্ৰস্তাৱ কৰিছে আৰু তাৰে ভিতৰত প্ৰায় ২০খন স্থাপনৰ প্ৰস্তুতি চলিছে। উচ্চতম ন্যায়ালয়ে নিখুঁতভাৱে, পূৰ্ণ পৰ্যায়ৰ ট্ৰিবিউনেল স্থাপনৰ পোষকতা কৰিছে। ট্ৰিবিউনেলৰ সদস্য ক’ত পাব, কেনেকৈ নিযুক্তি হ’ব সবিশেষ চৰকাৰক প্ৰতিবেদন দিবলৈ কয়। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদেশী বহিষ্কাৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন উচ্চতম ন্যায়ালয়ে অন্তৰ্ভুক্ত কৰে।

ছাত্ৰ সন্থাৰ অধিবক্তাই কয়- অসমৰ চুক্তিত অবৈধ বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, বহিষ্কাৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সেয়ে অসম চুক্তিৰ ক্ষিপ্ৰ ৰায়দানেৰে আগুৱাই নিবলৈ বিশেষকৈ চুক্তি ৰূপায়ণৰ সময় নিৰ্ধাৰিত কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ বাবে এই আবেদন জনোৱা হৈছে। পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন আন বিস্ত´ত শপতনামা দাখিল কৰা হ’ব। আজি শুনানিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, শিক্ষাবিদ বসন্ত ডেকা উপস্থিত আছিল।

শুনানিৰ পাছত ন্যায়ালয়ৰ পৰা ওলাই আহিদীপাংক কুমাৰ নাথ আৰু ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কয়- ছাত্ৰ সন্থাৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে। আজিৰ ন্যায়ালয়ৰ সিদ্ধান্তক ছাত্ৰ সন্থাই আদৰণি জনাইছে। উচ্চতম ন্যায়ালয়ে অসমৰ খিলঞ্জীয়া মানুহক ন্যায় প্ৰদান কৰিব বুলি সম্পূৰ্ণ আস্থা ৰাখিছে। তেওঁলোকে কয়- অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে চিনাক্ত হোৱা ১.২০ লাখ অবৈধ বাংলাদেশী হেৰাইছে।

অন্যহাতেদি নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ৪০ লাখৰ ভিতৰত প্ৰায় ৩ লাখ নথি-পত্ৰৰ অভাৱত দাবীৰ আবেদন নকৰিলে। এই তিনি লাখ অবৈধ বাংলাদেশী। এই তিনি লাখ অবৈধ বাংলাদেশী ক’ত আছে কোনেও নাজানে। অৰ্থাৎ শেহতীয়াকৈ প্ৰায় ৫ লাখ অবৈধ বিদেশী নিৰুদ্দেশ হোৱাৰ পথত। অসম চৰকাৰে চিনাক্ত হোৱা এই সকলোকে শীঘ্ৰেই কৰায়ত্ত কৰক।

The post বিদেশী বহিস্কৰণ : আছুৰ আবেদন উচ্চতম ন্যায়ালয়ত অন্তৰ্ভুক্ত appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2KeHSB9
via IFTTT

Comments