অসমৰ কোন সাংসদলৈ আহিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন…

ডিজিটেল ডেস্কঃ আজি দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। মোডী মন্ত্ৰীসভাত কোনে কোনো স্থান পাব তাক লৈ অব্যাহত আছে জল্পনা–কল্পনা। বুধবাৰে প্ৰায় ৫ ঘণ্টাজোৰা বৈঠকৰ পাছত আজি পুৱাও এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।এই বৈঠকতে মন্ত্ৰীসভাক লৈ আলোচনা হৈছিল বুলি এক সুত্ৰৰ পৰা খৰব পোৱা গৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন যাবলৈ আৰম্ভ কৰিছিল মোডী মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা থকা কেইজনমান সাংসদসকললৈ।

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই ফোনকল আহ্ছিল অসমৰ ৰামেশ্বৰ তেলীলৈও। ফোনযোগে তেলীক সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হবলগীয়া মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেলীক আজি বিয়লি ৪.৩০ বজাত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈও কোৱা হৈছে। আনহাতে, মোডী মন্ত্ৰীসভাত স্থান পাবলগীয়া সম্ভাৱ্য তালিকাত
অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজুৰ নামো আছে বুলি খবৰ পোৱা গৈছে ।

The post অসমৰ কোন সাংসদলৈ আহিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WekXNP
via IFTTT

Comments