অসমত কৰ্কট ৰোগত আক্ৰান্ত ৪৮ শতাংশই ধঁপাতজনিত কাৰণ, গুৱাহাটীত সংবাদ মেলত ডাঃ উমেশ দাস
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ মে : ‘বিশ্ব ধঁপাত বৰ্জন দিৱস’ৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ অংক’লজিষ্ট বিশেষজ্ঞ ডাঃ উমেশ দাসে শেহতীয়াভাৱে ৰাজ্যখন আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত বৰ্ধিত কৰ্কট ৰোগৰ কাৰণ সম্পৰ্কে জনসাধাৰণক অৱগত কৰিব পৰাকৈ আজি এক সংবাদ মেল অনুষ্ঠিত হয়। প্ৰসংগতঃ ডাঃ দাসে কয় যে ‘চীনৰ পিছতে প্ৰায় ২৭৫ মিলিয়ন ধঁপাত সেৱনকাৰীৰে ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় ধঁপাত উৎপাদন আৰু সেৱনকাৰীৰ দেশ।
ধঁপাতে ব্যক্তিৰ শৰীৰত বিস্তৰ ক্ষতি কৰে আৰু যদিহে ২০২০ চনৰ ভিতৰত সেৱনকাৰীক ধঁপাত ত্যাগ কৰিবলৈ বাধ্য কৰোৱা নহয়, তেনে ক্ষেত্ৰত বছৰি প্ৰায় ১৫ লাখ মানুহৰ মৃত্যু হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিব।’ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ২০১৬-১৭ বৰ্ষৰ গ্ল’বেল এডাল্ট টবাকো ছাৰ্ভেৰ দ্বিতীয়লানিৰ আঞ্চলিক প্ৰতিবেদন অনুযায়ী দেশত ধঁপাত সেৱনকাৰীৰ সংখ্যা তুলনামূলকভাবে হ্ৰাস পোৱাৰ পৰিৱৰ্তে অসম, ত্ৰিপুৰা আৰু মণিপুৰত ধঁপাত সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।
ডাঃ দাসে কয় যে ধঁপাত সেৱন কৰাৰ ফলত অসমত কৰ্কট ৰোগত আক্ৰান্ত ৰোগী ৪৮.২ শতাংশ। একেদৰে মেঘালয়ত ধঁপাত সেৱনৰ ফলত আক্ৰান্ত কৰ্কট ৰোগী ৪৭ শতাংশ হোৱাৰ বিপৰীতে ৫৮.৭ শতাংশ আৰু ত্ৰিপুৰাত ৬৪.৫ শতাংশ। ত্ৰিপুৰাত সৰ্বাধিক কৰ্কট ৰোগীৰ সংখ্যা। সমগ্ৰ দেশতে ধোঁৱাবিহীন ধঁপাত সেৱনকাৰীৰ সংখ্যা ২৫.৯ শতাংশৰ পৰা ২১.৪ শতাংশলৈ হ্ৰাস পোৱাৰ পৰিৱৰ্তে অসম আৰু ত্ৰিপুৰাত এই সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ছিকিমত এই সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে মিজোৰাম, মেঘালয় আৰু নাগালেণ্ডত এই সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে।
তেওঁ লগতে কয় যে দেশত ধঁপাতজনিত কৰ্কট ৰোগ বৃদ্ধিৰ দুটা প্ৰধান কাৰণ হ’ল দীৰ্ঘ সময়ৰ বাবে আৰু কম বয়সৰ পৰাই ধঁপাত সেৱন। ইয়াৰ ভিতৰত ৪০ শতাংশ কৰ্কট ৰোগ পুৰুষ আৰু ২০ শতাংশ মহিলাৰ ক্ষেত্ৰত হোৱা দেখা যায়। ডাঃ উমেশ দাসে লগতে কয়- আমাৰ দেশ ভাৰততো কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। শেহতীয়াভাৱে বছৰি প্ৰায় ১০ লাখ নতুন কেন্সাৰ ৰোগী চিনাক্তকৰণ হোৱাটো পৰিলক্ষিত হৈছে, য’ত মৃত্যুৰ সংখ্যা বছৰি ৬ লাখৰ পৰা ৭ লাখৰ ভিতৰত হোৱাটো চিহ্নিত হৈছে।
প্ৰায় দুই-তৃতীয়াংশ মৃত কৰ্কট ৰোগীৰ ভিতৰত ৩০-৬৯ বয়সৰ লোকেই অন্তৰ্ভূক্ত হোৱা দেখা যায়, য’ত এক-তৃতীয়াংশ ব্যক্তি ৰোগ নিৰূপণৰ ৫ বছৰৰ পিছত মৃত্যু হয়। তেওঁ লগতে কয় যে মূৰ, ডিঙি, হাঁওফাঁও, ইছফেগাছ আৰু ব্লাডাৰসহ মুখত হোৱা কৰ্কট ৰোগৰ ৮০ শতাংশই ধঁপাত সেৱনৰ বাবে হয়। তেওঁ বিগত ৭ বছৰত এইধৰণৰ কৰ্কট ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে বুলিও কয়।
The post অসমত কৰ্কট ৰোগত আক্ৰান্ত ৪৮ শতাংশই ধঁপাতজনিত কাৰণ, গুৱাহাটীত সংবাদ মেলত ডাঃ উমেশ দাস appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2QzFfLx
via IFTTT

Comments
Post a Comment