কৃষ্ণাই নৈৰ বেইলী দলঙে যমৰ যন্ত্ৰনা ভুগাইছে সাধাৰণ জনতাক, ঘন্টাৰ পাছত ঘন্টা আৱদ্ধ শ শ যান-বাহন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ যাতায়তৰ নামত এক বিড়ম্বনা ৰাষ্ট্ৰীয় ঘাইপথত৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ চৰম দ্বায়িত্বহীনতাৰ বাবে বিগত দুবছৰে বিকল হৈ আছে গোৱালপাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলং৷ বিভাগে বিকল্প হিচাপে দিয়া বেইলী দলঙেৰে ৰাইজে ভুগিছে যমৰ যন্ত্ৰনা৷ ঘন্টাৰ পাছত ঘন্টা ধৰি আৱদ্ধ হ’বলগীয়া হৈছে শ শ যান বাহন৷

পশ্চিম অসমৰ জনতাৰ মেৰুদণ্ডস্বৰূপ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাইৰ বিকল দলংখনে বিপদত পেলাইছে সৰ্বসাধাৰণ জনতাক৷ কেতিয়া চকু মেল খাব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সেয়া এইমুহূৰ্তত এক লাখটকীয়া প্ৰশ্ন হিচাপে পৰিগণিত হৈছে৷ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিমবংগক সংযোগ কৰা তথা পশ্চিম অসমৰ জনতাৰ মেৰদণ্ডস্বৰূপ এই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বিগত দুবছৰ পূৰ্বে কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলংখন দুৰ্বল হৈ পৰাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বেইলী দলং এখন সাজি যাতায়তৰ পথ সুচল কৰি দিছিল৷

কিন্তু এই বেইলী দলংখনে একপ্ৰকাৰ যমৰ যন্ত্ৰনা ভুগাইছে সৰ্ব সাধাৰণ ৰাইজক৷ এবাৰত এটা দিশৰ বাহনহে পাৰ হব পৰা বেইলী দলংখনত প্ৰায়ে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ আহিছে৷ কোনো সময়ত জৰুৰীকালীন এম্বুলেঞ্চো আৱদ্ধ হৈ পৰে বেইলী দলঙত৷ এক প্ৰকাৰ যাতায়তৰ নামত এক বিড়ম্বনা চলি আছে কৃষ্ণাইৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত৷

কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে বিকল পকী দলঙৰ সলনি নতুন এখন দলং নিৰ্মাণৰ কোনো চিন্তা চৰ্চা নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজৰ দাবী কৃষ্ণাইত শীঘ্ৰে পকী দলং এখন নিৰ্মাণৰ ব্যৱস্থা কৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

The post কৃষ্ণাই নৈৰ বেইলী দলঙে যমৰ যন্ত্ৰনা ভুগাইছে সাধাৰণ জনতাক, ঘন্টাৰ পাছত ঘন্টা আৱদ্ধ শ শ যান-বাহন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2wucKFW
via IFTTT

Comments