বিশ্বকাপৰ প্ৰথমখন খেলত পৰাস্ত দক্ষিণ আফ্ৰিকা, আজি যুঁজত নামিব পাকিস্তান…

ডিজিটেল ডেস্কঃ যোৱা ৩০ মেত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত ১০৪ ৰাণত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা। প্ৰথমে বেটিং কৰি ইংলেণ্ডে দক্ষিণ আফ্ৰিকাৰ সন্মুখত ৩১২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। লক্ষ্যৰ পিছা কৰি দক্ষিণ আফ্ৰিকাই ৩৯.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২০৭ ৰাণ সংগ্ৰহ কৰিবলৈহে সক্ষম হয়।

ইপিনে বিশ্বকাপৰ দ্বিতীয়খন খেল আজি পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হব। দিনৰ ৩ বজাৰ পৰা আৰম্ভ হবলগীয়া এই খেলখনৰ দুয়োটা দলেই বিগত দিনত সুন্দৰ প্ৰদৰ্শন কৰি আছে।উল্লেখ্য যে, পাকিস্তানে ২০১৭ চনত ইংলেণ্ডতে ভাৰতক পৰাভূত কৰি চেম্পিয়ন ট্ৰফী আজুৰি আনিছিল।

The post বিশ্বকাপৰ প্ৰথমখন খেলত পৰাস্ত দক্ষিণ আফ্ৰিকা, আজি যুঁজত নামিব পাকিস্তান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MlyheB
via IFTTT

Comments