যোৰহাটৰ গুৰু নিকেতন ক’চিং চেন্টাৰৰ উদ্যোগ যুৱ ব্যৱসায়ীৰ সহযোগত দৰিদ্ৰ ছাত্র-ছাত্রীলৈ সহায়ৰ হাত
ডিজিটেল সংবাদ,পশ্চিম যোৰহাটঃ যোৰহাটৰ চোলাধৰা তিনিআলিস্থিত গুৰু নিকেতন ক’চিং চেণ্টাৰৰ অনুষ্ঠানটোৱে যোৰহাটৰ এজন যুৱ ব্যৱসায়ীৰ সহযোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে সফলতা লাভ কৰা দৰিদ্ৰ পৰিয়ালৰ চাৰিগৰাকী কৃৰ্তিমানক সহায়ৰ হাত আগবঢ়াই৷ অনুষ্ঠানটোৰ সঞ্চালক তথা স্বতাধিকাৰ সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত যুৱ ব্যৱসায়ী অংকুৰ ৰাজ বৰাই সুখ্যাতি লাভ কৰা অংকিতা বৰা ৭২%,চয়নিকা বৰা ৭৭% ,পল্লৱী হাজৰিকা ৬৭% আৰু অনামিকা বৰা ৮৫% কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰে । ক’চিং চেন্টাৰৰ সভাকক্ষত কালি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ছাত্র-ছাত্ৰী কেইগৰাকীলৈ এই অনুদান আগবঢ়োৱা হয়।
উল্লেখ্য যে ২০০৭ চনতে প্ৰতিষ্ঠা হোৱা গুৰু নিকেতন ক’চিং চেন্টাৰে ছাত্র-ছাত্রীৰ শিক্ষাৰ প্ৰতি লক্ষ ৰাখি বিভিন্ন বিষয়ৰ অভিজ্ঞতাপুষ্ট শিক্ষকৰ দ্বাৰা পাঠদান কৰি অহাত বিশেষ উপকৃত হৈছে। বিশেষকৈ সাম্প্ৰতিক সময়ত ছাত্র-ছাত্রীৰ বিশেষ আগ্ৰহ থকা মেডিকেল, ইন্জিনিয়াৰিঙ বাছনি পৰীক্ষাৰ ক’চিং সমুহৰ উপৰি পলিটেকনিক প্ৰৱেশ পৰীক্ষা,বি এড বাছনি পৰীক্ষা,টেটৰ লগতে বিদ্যালয়-মহাবিদ্যালয় স্নাতক -স্নাতকোত্তৰ পৰ্যায়লৈকে সকলো বিষয়ৰ পাঠদান দি অহাৰ সমান্তৰালকৈ এই পাঠদানৰ প্ৰতি ছাত্র-ছাত্রী সকল অধিক আকৰ্ষিত হোৱা পৰিলক্ষীত হৈছে আৰু এই ক’চিং চেন্টাৰৰ পৰা বহু ছাত্র-ছাত্রী উপকৃত হোৱা বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ বিগত সময়টো এই চেন্টাৰটোৱে বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্রীক সহায়ৰ হাত আগবঢ়াই অহাৰ উপৰি এই বৰ্ষটো চাৰিগৰাকী ছাত্র-ছাত্রীৰ ক্ষেত্রত এনে পদক্ষেপ গ্ৰহণ কৰিছে,যাৰ পৰিপ্ৰেক্ষিতত ক’চিং চেন্টাৰটোৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে।
The post যোৰহাটৰ গুৰু নিকেতন ক’চিং চেন্টাৰৰ উদ্যোগ যুৱ ব্যৱসায়ীৰ সহযোগত দৰিদ্ৰ ছাত্র-ছাত্রীলৈ সহায়ৰ হাত appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2QBx94R
via IFTTT
Comments
Post a Comment