এন আৰ চিৰ আতংকত ৰাজ্যত ৪৪ জনে হেৰুৱাইছে প্ৰাণ , কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাৰ্যৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এন আৰ চিক লৈ প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰতিমুহূৰ্তত হাৰাশাস্তি কৰি অহাৰ পিছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে মৌনতা অৱলম্বন কৰি আহিছে। দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এন আৰ চিৰ কামত এনেধৰণৰ বিসংগতি আৰু ষড়যন্ত্ৰৰ জৰিয়তে সমস্ত প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰাৰ এক চক্ৰান্ত চলিছে।

আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই এই অভিযোগ উত্থাপন কৰি কয় যে ১৯৭১ চনৰ পূবৰ বৈধ নথি থকাৰ পিছতো প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে। প্ৰকৃত ভাৰতীয় লোক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পাছতো মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰে উট পক্ষীৰ দৰে বালিত মূৰ গুঁজি আছে। ভট্টাচাৰ্যই লগতে কয় যে ডিটেনচন কেম্পত ৰখা আৰু বিদেশী ঘোষণা আদিৰ জৰিয়তে শংকাৰ সৃষ্টি কৰাৰ ফলত সমগ্ৰ ৰাজ্যত এতিয়ালৈ আত্মহত্যাকে ধৰি বিভিন্ন প্ৰকাৰে ৪৪জন লোকে প্ৰাণ হেৰুৱাইছে।

একপ্ৰকাৰ এন আৰ চিৰ বাবে প্ৰায় অৰ্ধশতাধিক লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে বুলি তেওঁ অভিযোগ কৰে। নিহতসকলৰ ভিতৰৰ ৩৯ গৰাকীয়ে হিন্দু বাঙালী সম্প্ৰদায়ৰ বুলি দাবী কৰি ভট্টাচাৰ্যই কয়- ‘হিন্দু বাঙালীৰ প্ৰতি দৰদ দেখুওৱা বিজেপিৰ দিনত এইদৰে হিন্দু বাঙালী নিৰ্যাতিত হৈ আছে’। ভট্টাচাৰ্যই অসম চৰকাৰ, ভাৰত চৰকাৰ, দেশৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। একেখন সংবাদ মেলতেই নগাঁও আৰু কাচাৰ কাগজ কল সন্দৰ্ভতো বিজেপিৰ দুয়োখন চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ আনে।

The post এন আৰ চিৰ আতংকত ৰাজ্যত ৪৪ জনে হেৰুৱাইছে প্ৰাণ , কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাৰ্যৰ অভিযোগ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2XeG1zU
via IFTTT

Comments