ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত ৰাজপথত সংখ্যালঘুক ‘জয় শ্ৰী ৰাম’ ক’ব দিয়াটো দুৰ্ভাগ্যজনকঃ সঞ্জয় সিং

ডিজিটেল ডেস্কঃ কেন্দ্ৰত পুনৰ এবাৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে সমগ্ৰ ভাৰতত হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰি ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ চেষ্টা চলাইছে একাংশ গোড়া হিন্দুত্ববাদীয়ে। ধৰ্মৰ নামত ৰাজপথত সাম্প্ৰদায়িকতা প্ৰদৰ্শন কৰা একাংশ উগ্ৰ হিন্দুত্ববাদী আদৰ্শৰে পৰিপুষ্ট লোকৰ বাবে সমগ্ৰ হিন্দু ধৰ্মই বদনাম হ’বলগা হোৱা বুলিও বিভিন্ন জনে অভিযোগ কৰিছে। বিহাৰৰ বেগুচৰাই, গুৰুগ্ৰাম, পুনেৰ দৰে বিভিন্ন স্থানত সংখ্যালঘু তথা মুছলমান যুৱকক ৰাজপথত ৰখাই ‘জয় শ্ৰীৰাম’ ক’বলৈ বাধ্য কৰোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে এনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় যে ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত এনে ঘটনাই শোভা নাপায়। সকলো ধৰ্মৰ সমান অধিকাৰ আছে। কোনো ধৰ্মই আন এটা ধৰ্মৰ লোকক ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰাব নোৱাৰে। আনহাতে এনে ঘটনাই দেশত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব বুলিও আশংকা ব্যক্ত কৰে সাংসদ গৰাকীয়ে।

ইফালে বেগুচৰাইত এজন সংখ্যালঘু ফেৰীৱালাক নাম সুধি সংখ্যালঘু হোৱাৰ বাবেই গুলিওৱা কাণ্ডকো গৰিহণা দিয়ে আপ নেতা গৰাকীয়ে। নেতাগৰাকীয়ে কয়, ‘এইখন মহাত্মা গান্ধীৰ দেশ। এনে এখন দেশত ধৰ্মৰ নামত ৰাজনীতি হোৱাটো লজ্জাজনক আৰু দুৰ্ভাগ্যজনৰ। ৰাজপথত জয় শ্ৰী ৰাম কোৱাতকৈ দেশক কিদৰে উন্নতিৰ দিশত আগবঢ়াই নিব পাৰি, তাৰ চিন্তা চৰ্চাহে কৰা উচিত।’

The post ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত ৰাজপথত সংখ্যালঘুক ‘জয় শ্ৰী ৰাম’ ক’ব দিয়াটো দুৰ্ভাগ্যজনকঃ সঞ্জয় সিং appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HJg5Y2
via IFTTT

Comments