নলবাৰীৰ বৰকুৰিহাত দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰ, কথমপি প্ৰাণৰক্ষা ১০ যাত্ৰীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী-হাজো পথৰ বৰকুৰিহাত শুকুৰবাৰে বিয়লি সংঘটিত এক দুৰ্ঘটনাত দহগৰাকী লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। জানিব পৰা অনুসৰি নলবাৰী চহৰৰ পৰা এ এছ ২৫ এ চি ৬৫৬৬ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীখনে দহগৰাকী যাত্ৰী লৈ গুৱাহাটী অভিমুখে গৈ আছিল।

তেনে অৱস্থাত ২-৪০ বজাত মৰোৱা হাটখোলাৰ সমীপৰ নলবাৰী-হাজো পথৰ বৰকুৰিহাৰ কেকুৰিটোৰ ওচৰতে ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা মেটেকাভৰা খাৱৈত সোমাই পৰে। লগে লগে প্ৰত্যক্ষদৰ্শী ৰাইজে হুৱাদুৱা লগায়। অৱশ্যে যাত্ৰীসকলক ঘটনাক্ৰমে ৰক্ষা পৰে। উল্লেখযোগ্য যে ইতিপূৰ্বে নলবাৰী-হাজো পথৰ উল্লিখিত কেঁকুৰিটোত কেইবাজনো মটৰ চাইকেল আৰোহীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

The post নলবাৰীৰ বৰকুৰিহাত দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰ, কথমপি প্ৰাণৰক্ষা ১০ যাত্ৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WdqeoF
via IFTTT

Comments