কোম্পানী ন্যায়াধিকৰণৰ নিৰ্দেশ মানি কাগজ কল খোলাৰ দাবী
গুৱাহাটী, ৩০ মে’ : জাগীৰোড আৰু কাছাৰ কাগজ কল সন্দৰ্ভত নেচনেল কোম্পানী ল এপিলেট ট্ৰিবিউনেলে দিয়া নিৰ্দেশক চি আই টি ইউৰ অসম ৰাজ্যিক কমিটীয়ে আদৰণি জনাইছে আৰু তেনে নিৰ্দেশনাক তাৎক্ষণিকভাৱে কাৰ্যকৰী ৰূপ দিবলৈ চৰকাৰৰ ওচৰত দাবী কৰিছে। চি আই টি ইউ সহকাৰে অসমৰ সকলো শ্ৰমিক সংগঠন আৰু অন্যান্য সংগঠনে দাবী কৰি থকা সত্ত্বেও চৰকাৰে জাগীৰোড আৰু কাছাৰ কাগজ কল চৰকাৰী খণ্ডতে খোলাৰ বাবে আৰু তাৰ কৰ্মৰত কৰ্মচাৰীসকলৰ বকেয়া দৰমহা আদায় দিয়াৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ ফলত উদ্যোগ দুটাৰ যন্ত্ৰপাতি ইতিমধ্যে ক্ষমতাহীন হৈ পৰিছে, কৰ্মচাৰীসকল হতাশাত ভাগি পৰিছে। অথচ মাত্ৰ ১,৯৯৫ কোটি টকা কেন্দ্ৰীয় চৰকাৰে সাহায্য দিলে উদ্যোগ দুটা পুনৰু7ীৱিত কৰিব পৰা যায় আৰু বকেয়া দৰমহা আদায় দিব পৰা যায়।
কেন্দ্ৰীয় চৰকাৰখনৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱ আৰু ৰাজ্য চৰকাৰখনৰ চূড়ান্ত নিৰ্লিপ্ততাৰ বাবে আজি কাগজ কলৰ কৰ্মচাৰীয়ে আৰ্থিক অনাটনত মৃত্যুবৰণ কৰিব লগা হ’ল। আনকি হতাশাগ্ৰস্ত হৈ আত্মহননৰ দৰে অবাঞ্ছিত পথো বাছি ল’বলৈ বাধ্য হ’ল। এনে এক অসহনীয় পৰিস্থিতিত নেচনেল কোম্পানী ল এপিলেট ¸ট্ৰিবিউনেলে দিয়া নিৰ্দেশ নিশ্চিতভাৱে এক ডাঙৰ সকাহ। সেয়ে এতিয়া চৰকাৰৰ দায়িত্ব। ইয়াৰ পিছতো চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত হ’ব পৰা সকলো প্ৰকাৰৰ অবাঞ্ছিত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব। চি আই টি ইউৰ অসম ৰাজ্যিক কমিটীয়ে অসমৰ সমূহ শ্ৰমিক-কৰ্মচাৰী সংগঠন তথা গণতান্ত্ৰিক ৰাইজক কাগজ কল আৰু কাগজ কল কৰ্মচাৰীৰ সপক্ষে থিয় হ’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে যোৱা ২৯ মে’ত অসম ৰাজ্যিক কৃষক সভা, চি আই টি ইউ, কাগজ নিগম কৰ্মী ইউনিয়ন, কাগজ নিগম আৱাসস্থলী মহিলা পৰিষদ আৰু জে চি টি ইউৰ ১২জনীয়া প্ৰতিনিধি দলে মৰিগাঁও জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি জাগীৰোড কাগজ কল কৰ্মচাৰীসকলৰ পৰিয়ালক বিনামূলীয়া খাদ্যসামগ্ৰী যোগান ধৰা, ছাত্ৰী-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব চৰকাৰে বহন কৰা, চিকিৎসা সাহায্য প্ৰদান কৰা ইত্যাদি দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে। উপায়ুক্ত মহোদয়ে গুৰুত্ব সহকাৰে বিষয়বোৰ বিবেচনা কৰা আৰু কাৰ্যকৰী ৰূপ দিয়াৰ আশ্বাস প্ৰদান কৰে।
The post কোম্পানী ন্যায়াধিকৰণৰ নিৰ্দেশ মানি কাগজ কল খোলাৰ দাবী appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2WzIcRJ
via IFTTT
Comments
Post a Comment