মোডী কেবিনেটত মন্ত্ৰী হিচাপে শপত ললে ৰামেশ্বৰ তেলীয়ে
ডিজিটেল সংবাদ, গুৱাহাটীঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে মোদী কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কংগ্রেছৰ পৱন সিং ঘাটোৱাৰক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয় ৰামেশ্বৰ তেলী। চলিত নিৰ্বাচনত তেলীয়ে ৩,৬৪,৫৬৬ টা ভোটৰ বিশাল ব্যৱধান পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক। ছাত্ৰৰাজনীতিৰ পৰা ৰাজনীতিৰ পথাৰত সক্ৰিয় ভূমিকা পালন কৰি অহা তেলীয়ে ডিব্ৰুগড় সমষ্টিত গেৰুৱা পতাকা চম্ভালাৰ গুৰু দায়িত্ব লাভ কৰিছিল। সাধাৰণ জীৱন ধাৰণৰ বাবে জনসাধাৰণৰ মাজত পৰিচিত তেলী ২০০১ চনত প্ৰথম বাৰৰ বাবে দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল।
২০০৬ চনত তেলীয়ে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহে যদিও ২০১১ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখিন হ’বলগীয়া হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰামেশ্বৰ তেলীক ডিব্ৰুগড় সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু তেওঁ নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পাঁচবাৰৰ সাংসদ পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি সংসদীয় ৰাজনীতিৰ যাত্ৰা আৰম্ভ কৰে। ডিব্ৰুগড় জিলাত ১৯৭০ চনৰ ১৪ আগষ্টত জন্মগ্ৰহণ কৰা ৰামেশ্বৰ তেলীৰ পিতৃ বুধু তেলী আৰু মাতৃ দুলকা তেলী। তেলীয়ে নিৰ্বাচনী মনোনয়ন পত্ৰৰ লগত গাঠি দিয়া হলফনামাত তেওঁৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ বুলি উল্লেখ কৰিছে।
The post মোডী কেবিনেটত মন্ত্ৰী হিচাপে শপত ললে ৰামেশ্বৰ তেলীয়ে appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2Z4CqoX
via IFTTT
Comments
Post a Comment