৭ দিনৰ মুৰত সকাহ…

ডিজিটেল ডেস্কঃ বিগত ৭ দিন ধৰি পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে হ্ৰাস পালে মূল্য। ৰাজধানী চহৰ দিল্লীত বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত ৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬ পইচাকৈ হ্ৰাস পাইছে। বৰ্তমান দিল্লীত প্ৰতিলটাৰ পেট্ৰ’লৰ মূল্য ৭১.৮০ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৬৩ টকা।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল। কেৱল ২৮, ২৯ মে’ত হে পেট্ৰ’ল-ডিজেলৰ মূল্য স্থিৰ অৱস্থাত আছিল।
The post ৭ দিনৰ মুৰত সকাহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2JNxHEe
via IFTTT
Comments
Post a Comment