উত্তৰাখণ্ডৰ তেহৰীত বনজুইৰ সংহাৰী ৰূপ…

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ তেহৰী জনপদৰ অৰণ্যত বনজুয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। কিছুদিন ধৰি তেহৰীৰ জংঘলত চানি ধৰা বনজুৱেই অৰণ্যখনৰ বিস্তৰ ক্ষতিসাধৰ কৰাৰ লগতে সমীপৰ কেইবাখনো গাঁৱলৈও ভাবুকি কঢ়িয়াই আনিছে। ইফালে এই বনজুই নিয়ন্ত্ৰণৰ বাবে অশেষ চেষ্টা কৰিও সফল হ’ব পৰা নাই বন বিভাগ। আনহাতে বুডোগীৰ অৰণ্যত লগা বনজুইয়ে সমীপৰ কেইবাহেক্টৰ কৃষি ভূমিৰ শস্য ছাইলৈ ৰূপন্তৰিত কৰি পেলাইছে। যাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে কৃষকসকলে।

প্ৰাপ্ত খবৰ অনুসৰি ঘনচালী, প্ৰতাপনগৰ, ঝাখণীধাৰ, চম্বা, নৰেন্দ্ৰ নগৰ, থৌলধাৰ আৰু জৈনপুৰৰ জংঘলত বিয়পি পৰিছে বনজুই। চাৰিও ফালে ধোৱাময় পৰিৱেশৰ সৃষ্টি হোৱাত জনসাধাৰণৰ লগতে জীৱ জন্তুৰ উশাস নিশাহত বাবে জীৱনলৈ নামি আহিছে তীব্ৰ ভাবুকি। ইফালে তেহৰী জিলা প্ৰশাসনে পৰিস্থিতিলৈ লক্ষ্য ৰাখি জংঘৰৰ সমীপত বাসকৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এনে পৰিস্থিতিত বহু পৰিয়ালে ঘৰ এৰি অন্য ঠাইত আশ্ৰয় লৈ আছে।

The post উত্তৰাখণ্ডৰ তেহৰীত বনজুইৰ সংহাৰী ৰূপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EJxgqr
via IFTTT

Comments