অভয়াপুৰীৰ শিঙিমাৰীত যোৰহাটৰ বিবাহযাত্ৰী গাড়ী দুৰ্ঘটনাগ্ৰস্থ : নিহত দুগৰাকী, আহত ৩০ৰ অধিক
গণ বাৰ্তা, অভয়াপুৰী, ২৯ মে : অভয়াপুৰী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিঙিমাৰীত আজি পুৱা বিবাহযাত্ৰী কঢ়িওৱা বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে ৩০গৰাকীৰো অধিক লোক আহত হয়। জানিব পৰা মতে যোৰহাটৰ বালিগাঁৱৰ পৰা বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছখন ধুবুৰী জিলাৰ গৌৰীপুৰলৈ গৈ আছিল। এ এছ-০৩বিচি-৬৫৬৬ নম্বৰৰ বাছখন বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী শিঙিমাৰী পাওঁতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা মহিলা এগৰাকীক মহটিয়াই নি গছ এডালত খুন্দা মাৰে। ফলত দুই সন্তানৰ মাতৃ জুনুবালা ৰায় (শিঙিমাৰী, ৪০) নামৰ মহিলাগৰাকী আৰু বাছখনত থকা দৰাৰ সম্বন্ধীয় ভাতৃ বেদান্ত দত্ত থিতাতে নিহত হয়। আনহাতে বাছখনত থকা ৩০গৰাকীৰো অধিক বিবাহযাত্ৰী আহত হয়।
আহতসকলক চিকিৎসাৰ বাবে অভয়াপুৰী আৰু বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত একাংশক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত দৰাৰ পিতৃ-মাতৃও গুৰুতৰভাৱে আহত হয় যদিও দৰা শৈলেন দত্ত কুশলে থকা বুলি জানিব পৰা গৈছে। ইপিনে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
The post অভয়াপুৰীৰ শিঙিমাৰীত যোৰহাটৰ বিবাহযাত্ৰী গাড়ী দুৰ্ঘটনাগ্ৰস্থ : নিহত দুগৰাকী, আহত ৩০ৰ অধিক appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2YSMvFa
via IFTTT

Comments
Post a Comment