চূড়ান্ত এনআৰচিত সোনা উল্লাহৰ ক্ষেত্ৰত কৰাৰ দৰে ভুল নকৰিবলৈ হাজেলাক সকিয়নি

উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰাক্তন সেনাবিষয়াক বিদেশী সজোৱাৰ প্ৰসংগ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ মে’ : সৰ্বসাধাৰণ ৰাইজৰ কথা বাদেই, এতিয়া বিদেশীৰ কলংকৰ পৰা হাত সাৰিব পৰা নাই প্ৰাক্তন সেনা বিষয়াও। আনকি কাৰ্গিল যুদ্ধৰ সময়ত নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত নামি পৰা সেইগৰাকী প্ৰাক্তন সেনা বিষয়াই এতিয়া বিদেশীৰ অভিযোগত ডিটেনচন কেম্পত কাৰাবন্দী হ’বলগীয়া হৈছে। ঘটনাটো সংঘটিত হৈছে বকোৰ তামুলদি গাঁৱত। সেনাৰ কেপ্টেইন হিচাপে অৱসৰ গ্ৰহণ কৰি শেহতীয়াকৈ অসম সীমান্ত আৰক্ষীৰ এএছআই হিচাপে কৰ্মৰত হৈ থকা মহম্মদ সোনা উল্লাহক এনেদৰে বিদেশীৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা বিষয়টোক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে।

সীমান্ত আৰক্ষীৰ ভূমিকাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহক বিদেশী সজোৱাৰ প্ৰসংগ আজি উচ্চতম ন্যায়ালয়ৰ মজিয়াত উত্থাপন হয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আজি অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰে। এনআৰচি সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে সোনা উল্লাহৰ প্ৰসংগ উত্থাপন কৰি কয় যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিসমূহ সকলো সময়তে ভুল নহ’ব পাৰে।

সেয়ে ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এনআৰচিৰ সময়ত যাতে প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহৰ ঘটনাৰ দৰে ভুল কৰা নহয়। সমস্ত নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সকীয়নি প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি ন্যায়ালয়ৰ মজিয়াত এইবুলিও সকীয়নি প্ৰদান কৰি কয় যে কেৱল কাম কৰিব লাগে বাবে কাম কৰিব আৰু এনআৰচি প্ৰকাশ কৰিব লাগে বাবেই প্ৰকাশ কৰিব- সেয়া হ’ব নালাগে। সোনা উল্লাহৰ দৰে মানুহ যাতে পুনৰবাৰ হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে নথি-পত্ৰসমূহ খৰখেদা নকৰি তন্ন তন্নকৈ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে।

ইপিনে আজিৰ শুনানিকালত উচ্চতম ন্যায়ালয়ে এই সকলো প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি পূৰ্ব-নিৰ্ধাৰিত ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ’বই লাগিব বুলিও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দায়িত্ব দিয়া ‘এমিকাছ’ গৌৰৱ বেনাৰ্জীয়ে বিষয়টোৰ ওপৰত বিশেষকৈ ন্যায়াধিকৰণ গঠনৰ বাবে অসম চৰকাৰে প্ৰথম পৰ্যায়ত দুশখন বিদেশী ন্যায়াধিকৰণ গঠনৰ বিষয়ে উল্লেখ কৰে। অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে বিষয়টোৰ ওপৰত কৰি থকা কামৰ খতিয়ান আজিৰ এই শুনানি কালতে দাঙি ধৰে।

উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হয় যে পূৰ্বৰ এশখন বিদেশী ন্যায়াধিকৰণৰ ভিতৰত ৭৯খনে কাম কৰি আছে। এতিয়া নতুনকৈ অসম চৰকাৰে এহেজাৰখন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ প্ৰস্তাৱ কৰিছে আৰু তাৰ ভিতৰত প্ৰথম পৰ্যায়ত দুশখন স্থাপনৰ প্ৰস্তুতি চলিছে। উচ্চতম ন্যায়ালয়ে নিখুঁতভাৱে পূৰ্ণ পৰ্যায়ত বিদেশী ন্যায়াধিকৰণ স্থাপনৰ পোষকতা কৰে। ন্যায়ালয়ে আজিৰ শুনানি কালত বিদেশী ন্যায়াধিকৰণৰ সদস্য ক’ত পাব, কেনেকৈ নিযুক্তি হ’ব সবিশেষ ৰাজ্য চৰকাৰক প্ৰতিবেদন আকাৰে দিবলৈও নিৰ্দেশ দিয়ে।

The post চূড়ান্ত এনআৰচিত সোনা উল্লাহৰ ক্ষেত্ৰত কৰাৰ দৰে ভুল নকৰিবলৈ হাজেলাক সকিয়নি appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2WzIeZR
via IFTTT

Comments