আজি মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ শপত
মন্ত্ৰী সভাক লৈ শ্বাহ-মোদীৰ গুৰুত্বপূৰ্ণ সভা,কেবিনেটত দেখা যাব ৩৫ শতাংশ নতুন মুখ

নতুন দিল্লী, ৩০ মে : দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছক ধূলিসাৎ কৰি নৰেন্দ্ৰ মোদীয়ে ক্ষমতা দখল কৰাৰ পিছতে আনুষ্ঠানিকভাৱে শপতবাক্য পাঠ কৰিব। আজি মোদীৰ লগতে নতুন চৰকাৰৰ কেবিনেটে শপতবাক্য লোৱাৰ প্ৰাক্মুহূৰ্তত কেবিনেটক লৈ ৭ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰী বাসস্থানত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অমিত শ্বাহ। বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা অৰুণ জেটলীয়ে স্বাস্থ্যজনিত সমস্যাৰ বাবে মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ নকৰে বুলি পত্ৰযোগে নিশ্চিত কৰাৰ পিছতে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অৰুণ জেটলী মন্ত্ৰিত্বৰ পৰা আঁতৰি থকাৰ পিছতে বিত্ত মন্ত্ৰালয় কাক অৰ্পণ কৰা হ’ব তাক লৈ আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হয় বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। ইপিনে কাইলৈ ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।
আজি নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত লোৱাৰ লগতে নতুন মন্ত্ৰীসভাৰ শপতবাক্য পাঠ কৰোৱা হ’ব। ইপিনে মন্ত্ৰীসভাত এইবেলি বহুকেইখন নতুন মুখ দেখা পোৱাৰ সম্ভাৱনীয়তা দেখা গৈছে। অৰুণ জেটলীৰ পিছতে সুষমা স্বৰাজেও মন্ত্ৰিত্ব গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীমণ্ডলৰ পুৰুষ-মহিলাৰ অনুপাত অক্ষুণ্ণ ৰখাৰ বাবে নতুন মুখৰ মহিলা সাংসদক মন্ত্ৰিত্ব দিয়াৰ সম্ভাৱনীয়তা জাগি উঠিছে। লক্ষণীয় যে বিগত মন্ত্ৰীসভাত মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ত মন্ত্ৰিত্ব হেৰুৱাব লগাত পৰিছিল স্মৃতি ইৰানীয়ে।
কিন্তু এইবেলি আমেঠীত ৰাহুল গান্ধীক পৰাস্ত কৰি মোদী-শ্বাহৰ প্ৰিয়ভাজন হৈ পৰা পৰিলক্ষিত হৈছে ইৰানী। তেনে ক্ষেত্ৰত সুষমা স্বৰাজৰ বিভাগ বিদেশ মন্ত্ৰালয় লাভ কৰিব পাৰে স্মৃতি ইৰানীয়ে। ইপিনে নতুন চৰকাৰত শিৱসেনা আৰু জনতা দল ইউনাইটেডৰ সাংসদেও মন্ত্ৰিত্ব লাভৰ সম্ভাৱনীয়তা জাগি উঠিছে। ইপিনে এল জি পি আৰু আপনা দলৰ সাংসদেও মন্ত্ৰিত্ব লাভৰ সম্ভাৱনীয়তা নুই কৰা নাই। কাইলৈ মোদীৰ সৈতে শপত ল’বলগীয়া মন্ত্ৰীসভাৰ ৩৫ণ নতুন মুখ দেখা পোৱাৰ সম্ভাৱনীয়তা আছে বুলি বিজেপিৰ ভিতৰচ’ৰাৰ পৰা জানিব পৰা গৈছে।
The post আজি মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ শপত appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2wsYGws
via IFTTT

Comments
Post a Comment