হৰিশিঙাত শিক্ষক ষ্টিফেন দৈমাৰীৰ সোঁৱৰণী সভা…

ডিজিটেল সংবাদ, ওদালগুৰিঃ হৰিশিঙা অঞ্চলৰ সৰবৰাহী ব্যক্তি অবসৰপ্ৰাপ্ত শিক্ষক ষ্টিফেন দৈমাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এখনি সোঁৱৰণী সভা অনুষ্ঠিত কৰি তেখেতৰ জীবন আৰু কৰ্মৰাজিৰ ওপৰত এক মনোজ্ঞ আলোকপাত কৰা হয়।
বব্ৰুবাহন স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোক বাহাদুৰ ছেত্ৰীয়ে শিক্ষক ষ্টিফেন দৈমাৰীক সোঁবৰন কৰে আৰু তেখেতৰ গুণ আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। শ্ৰী ছেত্ৰীয়ে ষ্টিফেন দৈমাৰীৰ সোঁবৰণত প্ৰকাশ কৰা স্মৰনিকা সিবিনায় খনো উন্মোচন কৰে।
সভাত এদেনবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক বাওদা দৈমাৰী, কাহিবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক ভবেন বসুমতাৰী, পালক সতীশ বসুমতাৰী, ডেভিড দৈমাৰী আদিয়ে প্ৰয়াত শিক্ষকক সোঁবৰণ কৰে। বাথৌ ধৰ্মৰ নীতি নিয়মেৰে অনুষ্ঠিত আদ্যশ্ৰাদ্ধত অঞ্চলৰ বিশেষ গণ্যমান্য লোকসকলে অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
The post হৰিশিঙাত শিক্ষক ষ্টিফেন দৈমাৰীৰ সোঁৱৰণী সভা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W3g8BY
via IFTTT
Comments
Post a Comment