ৰং তুলিকাৰ যাদুকৰ বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ মে : ৰাজ্যখনৰ প্ৰথিতযশা চিত্ৰশিল্পী বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। এগৰাকী সমাজ সচেতন শিল্পী হিচাপে নিজৰ শিল্পকৰ্মৰে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিকাশ আৰু সমৃদ্ধিত অহৰহ অৰিহণা যোগাই অহা এইগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পীৰ আকস্মিক বিয়োগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে গভীৰ শোক প্ৰকাশ কৰিছে। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে এক শোকবাৰ্তাত ৰং আৰু তুলিকাৰে এক জাতীয়তাবাদী সত্তাৰে শিল্প-কলাৰ বিকাশৰ সমান্তৰালভাৱে অসম আৰু অসমীয়াৰ সমৃদ্ধিৰ বাবে অহৰহ কাম কৰি অহা বেণু মিশ্ৰৰ দৰে শিল্পীৰ বিয়োগে অসমীয়া জাতিৰ বিস্তৰ ক্ষতিসাধন কৰিলে বুলি উল্লেখ কৰিছে।
আনহাতে ২০১৫ চনত এইগৰাকী ক্ষণজন্মা চিত্ৰশিল্পীক ‘চাতক সন্মান’ প্ৰদান কৰা তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান ‘চাতকৰ পৰিয়ালে’ও গভীৰ শোক প্ৰকাশ কৰিছে। চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদকদ্বয় ভৱানী ভূঞা আৰু পংকজ শৰ্মাই ‘চাতক সন্মান’ৰ ২০১৫ চনৰ সেই দিনটোৱে যেনেদৰে চাতক পৰিয়ালক উদ্বুদ্ধ কৰিছিল, আজি সেইগৰাকী শিল্পীৰ কায়িক অবৰ্তমানে চাতক পৰিয়ালক ম্ৰিয়মাণ কৰি তুলিছে বুলি উল্লেখ কৰিছে। তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ তৰফৰ পৰাও সভাপতি ৰাজু বৰুৱাই এক শোকবাৰ্তাত বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী বেণু মিশ্ৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি উল্লেখ কৰিছে যে এজন সমাজ সচেতন শিল্পী হিচাপে শিল্পক্ষেত্ৰত দিক্ নিৰ্ণায়কৰ ভূমিকাত অৱতীৰ্ণ হোৱা এইগৰাকী মহান শিল্পীয়ে অসমৰ গ্ৰন্থজগতত বেটুপাত নিৰ্মাণৰ ক্ষেত্ৰত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
তেখেতে শিল্পক্ষেত্ৰত আগবঢ়াই যোৱা বৰঙনি ন-শিল্পী, শিকাৰুৰ বিকাশৰ বাৰ্তাত পাথেয় হৈ ৰ’ব বুলিও উল্লেখ কৰিছে। তেজপুৰ আৰ্টিষ্ট ফ’ৰামৰ তৰফৰ পৰাও সভাপতি হৰিনাৰায়ণ দাস আৰু জ্ঞানেন্দ্ৰ নাথ বৰাই এক বিবৃতিত গভীৰ শোক প্ৰকাশ কৰি অসমৰ শিল্পজগতৰ অন্যতম এগৰাকী মহীৰূহ, চিৰবন্দিত বৰেণ্য শিল্পী বেণু মিশ্ৰদেৱৰ বৰ্ণময় জীৱনৰ মহাপ্ৰস্থানত তেজপুৰ আৰ্টিষ্ট ফ’ৰাম মৰ্মাহত হৈ পৰিছে বুলি উল্লেখ কৰিছে।
এইগৰাকী বৰেণ্য চিত্ৰ আৰু ভাস্কৰ্য শিল্পীৰ মৃত্যুত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সভাপতি-সম্পাদক ড০ ভূপেন শইকীয়া, দেৱব্ৰত শৰ্মা, অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মৃগেন বৰা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
The post ৰং তুলিকাৰ যাদুকৰ বেণু মিশ্ৰৰ পৰলোকপ্ৰাপ্তি appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2EHFijy
via IFTTT

Comments
Post a Comment