আন্তঃজিলা কেৰাটে প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক বুটলি শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল মাজুলীৰ কনমানি ছাত্ৰ দেবাংগ শইকীয়া

পৰাণজ্যোতি বৰা, মাজুলীঃ মাত্ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা মাজুলীৰ কনমানি ছাত্ৰ দেবাংগ শইকীয়াই অসাধাৰণ প্ৰতিভাৰে উজলি উঠিছে কেৰাটে প্ৰতিযোগিতাত। যোৱা ২৫আৰু ২৬ মে’ তাৰিখে গুৱাহাটীৰ ৰূদ্ৰসিংহ ইণ্ডোৰ ষ্টেডিযামত অনুষ্ঠিত কেৰাটে প্ৰতিযোগিতাৰ বাবে জুনিয়ৰ শাখাত দুটাকৈ সোণৰ পদক লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেবাংগৰ পিতৃ অজিত শইকীয়াৰ পৰা জানিব পৰা মতে অসমৰ বিভিন্ন জিলাৰ পৰা এই প্ৰতিযোগিতাত ৪০০প্ৰতিযোগীৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। প্ৰশিক্ষক প্ৰণব জ্যোতি দাসৰ নেতৃত্বত শিৱসাগৰ জিলাৰ পৰা যোৱা কেৰাটে দল টোত দেবাংগই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰে। ইয়াৰ আগতে কেইবাবাৰো বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেবাংগই পদক লাভ কৰিবলৈ সক্ষম হৈছিল। উজনি মাজুলীৰ শালমৰাৰ নিবাসী অজিত শইকীয়াৰ পুত্ৰ দেবাংগই শিৱসাগৰ নগৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে। উল্লেখ্য যে পিতৃ অজিত শইকীয়াও ব্যৱসায় সূত্ৰে শিৱসাগৰত থাকে।
The post আন্তঃজিলা কেৰাটে প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক বুটলি শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল মাজুলীৰ কনমানি ছাত্ৰ দেবাংগ শইকীয়া appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2W3LhoS
via IFTTT
Comments
Post a Comment