মোদীৰ মন্ত্ৰীসভাৰ ৫৭ মন্ত্ৰীৰ শপতগ্ৰহণ : কেবিনেট ২৪, ৰাজ্যিক (স্বতন্ত্ৰ) ৯, ৰাজ্যিক ২৩

নতুন দিল্লী, ৩০ মে’ : আজি মোদীসহ ২৫গৰাকী কেবিনেট, ৯গৰাকী ৰাজ্যিক স্বতন্ত্ৰ আৰু ২৩গৰাকী ৰাজ্যিক মন্ত্ৰীসহ আজি দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰায় ৮ হাজাৰ অতিথিৰ সন্মুখত শপতবাক্য পাঠ কৰে নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে। আজি মোদীৰ পিছতেই নতুন কেন্দ্ৰীয় চৰকাৰেও শপত লয়। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।

মোদীৰ পিছতে জ্যেষ্ঠ বিজেপি নেতা তথা পূৰ্বৰ চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে শপত বাক্য পাঠ কৰে। ৰাজনাথ সিঙৰ পিছতেই বিজেপিৰ সভাপতি অমিত শ্বাহে কেবিনেট মন্ত্ৰীৰ শপত লয়। ইয়াৰ পিছতে জ্যেষ্ঠ নেতাসকলে এজনৰ পিছত এজনকৈ কেবিনেট মন্ত্ৰীৰ শপত বাক্য পাঠ কৰে। অমিত শ্বাহৰ পিছত নিতিন গাডকাৰীয়ে শপত বাক্য পাঠ কৰে। ইয়াৰ পিছতে সদানন্দ গৌড়া, নিৰ্মলা সীতাৰমন, ৰামবিলাস পাছোৱানে শপত গ্ৰহণ কৰে।

লক্ষণীয় যে কেবিনেট মন্ত্ৰী হিচাপে আজি নৰেন্দ্ৰ সিং তোমৰ, ৰবি শংকৰ প্ৰসাদ, হৰসিমৰাত কৌৰ বাদল, থাৱৰ চান্দ গেহলট, সুব্ৰমণিয়ম জয়শংকৰ, ৰমেশ পোখ্ৰিয়াল, অৰ্জুন মুণ্ডা, স্মৃতি জুবিন ইৰানী, হৰ্ষ বৰ্ধন, প্ৰকাশ জাৱড়েকাৰ, পীয়ূষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, মুখতাৰ আববাছ নকৱী, প্ৰহ্লাদ যোশী, ড০ মহেন্দ্ৰ নাথ পাণ্ডে, অৰৱিন্দ গণপত সাৱন্ত, গিৰিৰাজ সিং, গজেন্দ্ৰ সিং শেখাৱতে শপত লয়। কেবিনেট মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ পিছতে স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায় ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

আজি ৰাষ্ট্ৰপতি ভৱনত সন্তোষ কুমাৰ গংৱাৰ, ৰাও ইন্দ্ৰজিৎ সিং, শ্ৰীপদ য়েেচ্ছা নাইক, ড০ জিতেন্দ্ৰ সিং, কিৰেন ৰিজিজু, প্ৰহ্লাদ সিং পেটেল, ৰাজকুমাৰ সিং, হৰদীপ সিং পুৰী, মনসুখ এল মন্দভিয়াই ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইপিনে ৰাজ্যিক মন্ত্ৰী হিচাপে ২৩গৰাকীকৈ সাংসদক মন্ত্ৰিত্বৰ শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। আজি ফগ্গনসিং কুলস্তে, অশ্বিনী কুমাৰ চৌবে, অৰ্জুন ৰাম মেঘৱাল, জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিং, কৃষণ পাল, ডনভে ৰাওচাহেব দাদাৰাও, জি কিষাণ ৰেড্ডী, পৰষোত্তম ৰূপালা, ৰামদাস আঠাৱালে, সাধবী নিৰঞ্জন জ্যোতি, বাবুল সুপ্ৰিয়ো, সঞ্জীৱ কুমাৰ বালন, ধোত্ৰে সঞ্জয় শ্বামৰাও, অংগদী সুৰেশ চান্নাবাছাপ্পা, নিত্যানন্দ ৰায়, ৰতনলাল কাটাৰীয়া, ভি মুৰলীধৰণ, ৰেণুকা সিং সৰুতা, সোম প্ৰকাশ, ৰামেশ্বৰ তেলী, প্ৰতাপ চন্দ্ৰ সাৰংগী, কৈলাশ চৌধুৰীয়ে ৰাজ্যিক মন্ত্ৰীৰ শপত গ্ৰহণ কৰে।

লক্ষণীয় যে এইবেলি মোদীৰ মন্ত্ৰীসভাত যথেষ্ট নতুন মুখক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ ভিতৰত অসমৰ ৰামেশ্বৰ তেলীও অন্যতম। অৱশ্যে কেবিনেট মন্ত্ৰী হিচাপে নহয়, ৰাজ্যিক মন্ত্ৰী হিচাপেহে শপত বাক্য লয় ৰামেশ্বৰ তেলীয়ে। লক্ষণীয় যে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট লোকসকলক আমন্ত্ৰণ জনোৱাৰ লগতে বিদেশৰ পৰাও কেইবাগৰাকীও অতিথিক আমন্ত্ৰণ কৰা হৈছিল। মোদীৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপল্লা শ্ৰীসেনা আৰু নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা উপস্থিত থাকে।

ইয়াৰ উপৰি ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন মাইন্ট আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লতাই টেচৰিঙো উপস্থিত থাকে। এই বিশিষ্ট অতিথিসকলৰ উপৰি আজি মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, হেমা মালিনী, কৰণ জোহৰ, কংগনা ৰানাৱত, বমন ইৰানী, অনুপম খেৰ, ৰাহুল গান্ধী আদিকে ধৰি চেলিব্ৰেটী, ৰাজনৈতিক নেতা আৰু বিশিষ্ট লোক উপস্থিত থাকে। ইপিনে আজি মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিমবংগত বিৰোধীৰ দ্বাৰা আক্ৰান্ত হোৱা বিজেপি পৰিয়ালৰ লোককো বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয়। উল্লেখ্য যে লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱা হিংসাত্মক ঘটনাত বিজেপিৰ কে’বাজনো সদস্যই প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল।

আজি এনে লোকৰ পৰিয়ালক শপত গ্ৰহণ অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। ইপিনে শপত গ্ৰহণ অনুষ্ঠানত তিনিগৰাকীকৈ মন্ত্ৰীয়ে ভুলকৈ শপত লোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মনসুখ লাল মন্দভিয়া, ফগ্গন সিং কুলস্তে আৰু নিত্যানন্দ ৰায়ে শপত বাক্য পাঠৰ সময়ত ভুল কৰে। আনহাতে ৰাও চাহেব ধনভে শপত গ্ৰহণৰ পিছত ভাৰত মাতা কী জয় ধবনি দিয়ে। ইপিনে শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সংসদৰ আৰম্ভ হ’বলগীয়া প্ৰথমখন অধিৱেশনত মেনকা গান্ধীক প্ৰ’টেম স্পীকাৰ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

মোদীৰ মন্ত্ৰীসভাৰ তালিকা :

প্ৰধানমন্ত্ৰী – নৰেন্দ্ৰ দামোদৰ দাস মোদী

কেবিনেট মন্ত্ৰী
– ৰাজনাথ সিং, অমিত শ্বাহ, নিতিন গাডকাৰী, ডি ভি সদানন্দ গৌড়া, নিৰ্মলা সীতাৰমন, ৰামবিলাস পাছোৱান, নৰেন্দ্ৰ সিং তোমৰ, ৰবিশংকৰ প্ৰসাদ, হৰসিমৰাত কৌৰ বাদল, থাৱৰ চান্দ গেহলট, সুব্ৰমণিয়ম জয়শংকৰ, ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’, অৰ্জুন মুণ্ডা, স্মৃতি জুবিন ইৰানী, হৰ্ষ বৰ্ধন, প্ৰকাশ জাৱড়েকাৰ, পীয়ূষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, মুখতাৰ আববাছ নকৱী, প্ৰহ্লাদ যোশী, ড০ মহেন্দ্ৰ নাথ পাণ্ডে, অৰৱিন্দ গণপত সাৱন্ত, গিৰিৰাজ সিং, গজেন্দ্ৰ সিং শেখাৱত।

স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী – সন্তোষ কুমাৰ গংৱাৰ, ৰাও ইন্দ্ৰজিৎ সিং, শ্ৰীপদ য়েেচ্ছা নাইক, ড০ জিতেন্দ্ৰ সিং, কিৰেন ৰিজিজু, প্ৰ?াদ সিং পেটেল, ৰাজকুমাৰ সিং, হৰদীপ সিং পুৰী, মনসুখ এল মন্দভিয়া।

ৰাজ্যিক মন্ত্ৰী – ফগ্গনসিং কুলস্তে, অশ্বিনী কুমাৰ চৌবে, অৰ্জুন ৰাম মেঘৱাল, জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিং, কৃষণ পাল, ডনভে ৰাওচাহেব দাদাৰাও, জি কিষাণ ৰেড্ডী, পৰষোত্তম ৰূপালা, ৰামদাস আঠাৱালে, সাধবী নিৰঞ্জন জ্যোতি, বাবুল সুপ্ৰিয়ো, সঞ্জীৱ কুমাৰ বল্যান, ধোত্ৰে সঞ্জয় শ্বামৰাও, অনুৰাগ সিং ঠাকুৰ, অংগদী সুৰেশ চান্নাবাছাপ্পা, নিত্যানন্দ ৰায়, ৰতনলাল কাটাৰীয়া, ভি মুৰলীধৰণ, ৰেণুকা সিং সৰুতা, সোম প্ৰকাশ, ৰামেশ্বৰ তেলী, প্ৰতাপ চন্দ্ৰ সাৰংগী, কৈলাশ চৌধুৰী।

The post মোদীৰ মন্ত্ৰীসভাৰ ৫৭ মন্ত্ৰীৰ শপতগ্ৰহণ : কেবিনেট ২৪, ৰাজ্যিক (স্বতন্ত্ৰ) ৯, ৰাজ্যিক ২৩ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2KgqFr2
via IFTTT

Comments